নগাওঁ – কলিয়াবৰস্থিত অসম সমবায় মৰাপাট কল পুনৰ জী উঠিব। দীৰ্ঘদিন ধৰি মৃতপ্ৰায় হৈ থকা কাৰখানাটো পুনৰ সক্ৰিয় কৰি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। সমবায় ভিত্তিত চলি থকা শিলাঘাটৰ অসম সমবায় মৰাপাট কলৰ পুনৰ উৎপাদন প্রক্রিয়া আৰম্ভ কৰাৰ বাবে পদক্ষেপ গ্রহণ কৰিছে চৰকাৰে৷ সেই অনুসৰি কালি অসম চৰকাৰৰ বিত্ত তথা লোক নির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মৰাপাট কলটোৰ আর্থিক সংকটৰ জোৰা মাৰিবৰ বাবে ১০ কোটি টকাৰ সাহায্য দিয়াৰ কথা ঘোষণা কৰে৷
মন্ত্রীগৰাকীয়ে কালি দিছপুৰত কলিয়াবৰৰ বিধায়ক তথা জলসম্পদ মন্ত্রী কেশৱ মহন্তৰ লগত হোৱা বৈঠকত এই সাহায্য দিয়াৰ কথা ঘোষণা কৰে৷ বৈঠকত বিত্ত আৰু সমবায় বিভাগৰ প্রধান সচিব উপস্থিত আছিল৷ উল্লেখযোগ্য যে দুই নৱেম্বৰত এক বিশেষ পৰিস্থিতিৰ বাবে মৰাপাট কলৰ উৎপাদন প্রক্রিয়া বন্ধ হৈ পৰিছিল৷