গুৱাহাটী – সমগ্ৰ ৰাজ্যতে গো-মাংস বন্ধ কৰাৰ দাবীৰে আজি একাংশ হিন্দুত্ববাদী সংগঠনৰ লগতে বজৰংগ দলৰ একাংশ সদস্যই অসম ৰাজ্যিক চিৰিয়াখানাৰ জন্তুৰ বাবে মাংস কঢ়িয়াই অনা বাহন প্ৰৱেশত বাধা প্ৰদান কৰে। উল্লেখ্য যে জন্তুৰ বাবে গো-মাংসৰ লগতে অন্যান্য মাংসও কঢ়িয়াই আনিছিল বাহনখনে। আজি চিৰিয়াখানাৰ সমূখত মাংসৰ গাড়ী কেবাঘণ্টাধৰি আবদ্ধ কৰি ৰাখে এই হিন্দুত্ববাদী সংগঠনৰ সদস্যসকলে।
সংগঠনৰ সদস্যসকলে দাবী কৰে যে ৰাজ্যত গো হত্যা বন্ধ হ’ব লাগে আৰু চিৰিয়াখানাৰ জন্তুক গো মাংস খুওৱা বন্ধ কৰিব লাগে।
ইফালে অসম ৰাজ্যিক চিৰিয়াখানাৰ ৰেঞ্জাৰগৰাকীয়ে কয়, “আমি জন্তুবোৰক গো মাংস অবৈধভাৱে খুওৱা নাই। আমাৰ এখন কমিটি আছে, য’ত তিনিগৰাকীকৈ পশু বিশেষজ্ঞ চিকিৎসকো আছে। এইসকলে অসম ৰাজ্যিক চিৰিয়াখানাৰ কোনটো জন্তুক কি খাদ্য খুওৱাব লাগে সেই সন্দৰ্ভত বিশদভাৱে অধ্যয়ণ কৰাৰ পিছতহে খাদ্য খুওৱা হয়। আনকি আমি জন্তুবোৰক যি খুৱাওঁ সেয়া হৈছে ভাৰতীয় কেন্দ্ৰীয় চিৰিয়াখানা কৰ্তৃপক্ষৰ খাদ্য তালিকা অনুসৰিহে খুৱাওঁ।”
ইফালে ৰেঞ্জাৰগৰাকীয়ে জনোৱা মতে চিৰিয়াখানাখনত থকা বাঘ, সিংহ আৰু লতামাকৰিকেইটাই কেৱল গো মাংসহে খাবলৈ বিচাৰে।
অৱশ্যে সংগঠনৰ সদস্য আৰু চিৰিয়াখানা কৰ্তৃপক্ষৰ সৈতে দীঘলীয়া আলোচনাৰ পিছত মাংসৰ গাড়ী ভিতৰলৈ যাবলৈ অনুমতি দিয়া হয়।
উল্লেখ্য যে ইয়াৰ পূৰ্বে হিন্দুত্ববাদী নেতা তথা বিজেপি কৰ্মী সত্যৰঞ্জন বৰাইয়ো চিৰিয়াখানাৰ জন্তুক গো মাংস খুওৱাত বিৰোধ কৰিছিল।