গুৱাহাটী- অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত অসুস্থ। শুকুৰবাৰে নিশা হৃদৰোগ জনিত সমস্যাত আক্ৰান্ত হৈ অসুস্থ হৈ পৰে মুখ্যমন্ত্ৰীগৰাকী। নিশা কিছু পৰিমাণে সংকটজনক অৱস্থাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে প্ৰফুল্ল কুমাৰ মহন্ত।
বৰ্তমান চিকিৎসালয়খনৰ এটা বিশেষজ্ঞ চিকিৎসকৰ দলে প্ৰফুল্ল কুমাৰ মহন্তক চিকিৎসা সেৱা আগবঢ়াই আছে।
উল্লেখ্য় যে ১৯৯৬ চনৰ পৰা ২০০১ চনলৈ আৰু ১৯৮৫ চনৰ পৰা ১৯৯০ চনলৈ দুটা কাৰ্য্যকালৰ বাবে অসমৰ মুখ্য মন্ত্ৰী হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতাগৰাকীয়ে।