চিৰাং:- পেছাত এজন পাচলি বিক্ৰেতা ৰবীন্দ্ৰ বসুমতাৰীৰ কন্যা ১৭ বছৰীয়া ৰৈছুমৈ বসুমতাৰীক দায়িত্ব ল’লে বিটিআৰ চৰকাৰে |ছমাহ পূৰ্বে ফুটবল খেলি থকা অৱস্থাত বুকুত বল লাগি উদীয়মান খেলুৱৈগৰাকী আঘাতপ্ৰাপ্ত হৈছিল |
দৰিদ্ৰ পৰিয়ালৰ খেলুৱৈগৰাকীয়ে অৰ্থনৈতিক দুৰৱস্থা হেতুকে ভালদৰে চিকিৎসা কৰিব পৰা নাছিল। ফলত যোৱা ছমাহে ঘৰতে থকা খেলুৱৈগৰাকী উন্নত চিকিৎসাৰ অভাৱত অধিক অসুস্থ হৈ পৰিছে। সম্প্ৰতি খেলুৱৈগৰাকীৰ ভৰি দুখন বিকল হোৱাৰ আশংকা কৰা হৈছে । আনহাতে পিতৃ ৰবীন্দ্ৰ বসুমতাৰীয়ো পথ দুৰ্ঘটনাত ভৰিত গুৰুতৰভাৱে আঘাত পাই অসুস্থ হৈ আছে।
পৰিয়ালৰ মূল ব্যক্তিজন অসুস্থ হৈ পৰাৰ বাবে কোনো কাম বা ব্যৱসায় কৰিব নোৱাৰা হৈ পৰাত পৰিয়ালটোলৈ দুৰ্যোগ নামি আহিছে। পৰিয়ালটোৰ দুৰৱস্থাৰ বিষয়ে জানিব পাৰি বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে কাশিকত্ৰাস্থিত ঘৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। প্ৰমোদ বড়োৱে গুৱাহাটীস্থিত জি এন আৰ চিত খেলুৱৈগৰাকীৰ চিকিৎসাৰ ব্যৱস্থা কৰে।
চিৰাং জিলা ক্ৰীড়া সন্থাৰ হৈ জিলা আৰু ৰাজ্যিক ভিত্তিত অনুষ্ঠিত কেইবাখনো ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল ৰৈছুমৈ বসুমতাৰী I বিটি আৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে অসুস্থ ৰৈছুমৈৰ চিকিৎসাৰ সকলো দায়িত্ব বিটিআৰ চৰকাৰে গ্ৰহণ কৰিব বুলি জানিবলৈ দি তেওঁ ক্ৰীড়া ক্ষেত্ৰত এই ধৰণৰ সমস্যাত ভোগা খেলুৱৈসকলৰ সহায়ৰ বাবে ব্যৱস্থা কৰিব বুলিও জানিবলৈ দিয়ে।