গুৱাহাটী:- অৰুণাচলৰ ডায়ুনত কৰ্মৰত দুই অইলৰ বিষয়াক অপহৰন কৰা ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে | এটা পোন্ধৰ জনীয়া অস্ত্ৰধাৰী দলে অপহৰণ কৰিলে অইলৰ দুই বিষয়াক | ডায়ুনৰ খুমচাই খা অঞ্চলত কুই’প নামৰ এটা ব্যক্তিগত তৈল প্ৰতিষ্ঠানে অইলৰ তৈলখাদ খনন কাৰ্যত নিয়োজিত হৈ থকাৰ সময়তে প্ৰতিষ্ঠানটোৰ বিষয়া প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰক অপহৰণ কৰি লৈ যায় সশস্ত্ৰ দলটোৱে৷

অপহৰণ কৰা প্ৰণৱ কুমাৰ গগৈ শিৱসাগৰ নগৰৰ হাবিৰাম বৰা পথৰ বাসিন্দা ৷ শিৱসাগৰত আছে পিতৃ মাতৃ পত্নী আৰু দুই সন্তান | এই ঘটনা পোহৰলৈ অহাৰ পিছত উদ্বিগ্ন হৈ পৰিছে পৰিয়ালবৰ্গ | পত্নী – আত্মীয়ই মুকলি কৰি দিয়াৰ আহ্বান জনাইছে ৷ ইতিমধ্যে অৰুণাচল আৰক্ষীয়ে অস্ত্ৰধাৰী দলটোৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে৷

তথ্য অনুসৰি আলফা স্বাধীন আৰু NSCN K ৰ যৌথ উদ্যোগত সংঘটিত হৈছে এই অপহৰণ কাণ্ড৷ অপহৰণ কাণ্ডক কেন্দ্ৰ কৰি ধন দাবীৰ প্ৰসংগ চৰ্চালৈ আহিছে ৷ প্ৰায় এক কোটি টকা দাবী উগ্ৰপন্থী সংগঠনৰ ৷ ধন দাবী সন্দৰ্ভত আনুষ্ঠানিক তথ্য সদৰি কৰা নাই আৰক্ষীয়ে ৷

অইলৰ অভিযন্তা-কৰ্মচাৰীৰ অপহৰণৰ ঘটনাত আলফা স্বাধীন আৰু এন এছ চি এন (কে) জড়িত থকাৰ সন্দেহ আৰক্ষীৰ ৷ ঘটনাত আলফা স্বাধীনৰ নেতা ৰূপম অসম আৰু উদয় অসম জড়িত থকাৰ সন্দেহ ৷ অপহৰণ ব্লুপ্ৰিণ্ট অৰুনোদয় অসমৰ বুলি সন্দেহ ৷ বিগত ২০১৯ বৰ্ষটো অপহৰণৰ ঘটনা সংঘটিত হৈছিল অৰুণাচলত |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply