নিউজ ডেক্স:- অৰুণাচল আৰক্ষীয়ে এক অভিযান চলাই বৃহৎ পৰিমানৰ বনজ সম্পদ সম্পদ উদ্ধাৰ কৰিছে | বন বিভাগৰ সুত্ৰই প্ৰকাশ কৰা মতে ৰাজ্যখনৰ দৈমুখ চেক গেটৰ অধীনৰ কলা কেম্পৰ সমীপত উদ্ধাৰ কৰে বৃহৎ পৰিমানৰ সামগ্ৰী সমূহ |
বন বিভাগৰ সুত্ৰই প্ৰকাশ কৰা মতে উদ্ধাৰ হোৱা সামগ্ৰী সমুহৰ ভিতৰত হৰিনা, বিশেষ প্ৰজাতিৰ ফেঁচা, ১৫টা বিভিন্ন প্ৰজাতিৰ চৰাই,
বান্দৰদেৱাৰ বন সংমন্ডল প্ৰাধিকাৰী এই বি আবুৱে প্ৰকাশ কৰা তথ্য মতে ৰাজ্যখনৰ পূব কামেং আৰু পাকে কেছাং জিলাৰ পৰাই অবৈধ ভাবে বনজ সম্পদৰ অবৈধ ভাবে সৰবৰাহ হৈ আহিছে | ৰাজ্যখনত থকা বিভিন্ন প্ৰজাতিৰ দুস্পাপ্য চৰাই চিৰিকতি আদিও ৰাজ্যৰ বিভিন্ন অঞ্চললৈ সৰবৰাহ হয় |
কেবল ৰাজ্য খনৰ ভিতৰতেই নহয় ৰাজ্যখনৰ বাহিৰলৈও যায় | তেনে এক অবৈধ সৰবৰাহৰ তথ্য গোপন সুত্ৰৰ পম খেদি জানিব পাৰি বন বিভাগে অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হয় | অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থাই ৰাজ্যখনত অবৈধ ভাবে চলি থকা বনজ সম্পদৰ সৰবৰাহ বন্ধ কৰিবৰ বাবে চৰকাৰক কঠোৰ পদক্ষেপ ল’বলৈ দাবী জনাই |