অৰুণাচল প্ৰদেশ আৰক্ষীয়ে শুকুৰবাৰে এক অভিযান চলাই বান্দৰডেৱাৰ সমীপত বৃহৎ পৰিমাণৰ নিচাযুক্ত ড্ৰাগছ হেৰ’ইন জব্দ কৰে। ২১ টা পেকেটত থকা হেৰ’ইনখিনিৰ মূল্য ১০ লাখ টকা হ’ব বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।
ইটানগৰ আৰক্ষী থানাৰ অধীক্ষক গৰাকীয়ে জনোৱা মতে এই ঘটনাৰ সৈতে অসমৰ নগাঁও জিলাৰ ৫ গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত লোকসকলৰ ভিতৰত ৩ গৰাকী মহিলাও আছে।
গ্ৰেপ্তাৰ কৰা লোককেইজনৰ নাম ছাহিদা খাতুন, ফাৰুক আলী, ৰিয়াজুল ইছলাম, ছুৰীয়া খাতুন আৰু ছুলেমা খাতুন। তেওঁলোকৰ পৰা জব্দ কৰা হেৰ’ইনখিনিৰ ওজন ২৫৭.৫২ গ্ৰাম।
লগতে পঢ়ক : এইবাৰ কোৰোনাৰ নতুন ৰূপ ওলাইছে তামিলনাডুৰ কোইম্বাটুৰত

আটাইকেইজনৰ বিৰুদ্ধে Narcotic Drugs and Psychotropic Substances Act-ৰঅধীনত গোচৰ ৰুজু কৰি তদন্ত চলাই থকা হৈছে।
আৰক্ষী অধীক্ষক গৰাকীয়ে জনোৱা মতে এক গোপন সূত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিত নাহৰলগুণৰ মহকুমা আৰক্ষী বিষয়া আৰু বান্দৰডেৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীৰ নেতৃত্বত বান্দৰডেৱাৰ এখন হোটেলত অভিযান চলাই লোককেইজনক আটক কৰা হয়।
ইয়াৰ পূৰ্বে যোৱা বৃহস্পতিবাৰে নাহৰলগুণ আৰক্ষীয়ে এজন লোকৰ পৰা ৯৪৩ গ্ৰাম ভাং জব্দ কৰিছিল।