তিনিচুকীয়া – অৰুণাচল প্ৰদেশৰ টিৰাপত আজি পুৱা উগ্ৰপন্থী সংগঠন এন এছ চি এনৰ এটা বৃহৎ দলে আছাম ৰাইফলছৰ দল এটাৰ ওপৰত এক ভয়াবহ এম্বুশ্ব কৰে। আছাম ৰাইফলছৰ ছয়জনীয়া দলটোৰ ওপৰত কৰা এই এম্বুশ্বত এজন জোৱান নিহত হোৱাৰ খবৰ আহিছে। টিৰাপ জিলাৰ খনচা-লাজু পথৰ মাজৰ জংঘলৰে আৱৰা পথ এটাত লুকাই থকা এনএছচিএনৰ কেডাৰে তহলদাৰী জোৱানসকললৈ লক্ষ্য কৰি ধাৰাষাৰ গুলীচালনা কৰে।
এই অতৰ্কিত আক্ৰমণত আছাম ৰাইফলছৰ এজন জোৱান ঘটনাস্থলীতে নিহত হয় বুলি জানিব পৰা গৈছে। নিহত জোৱানজন অন্ধ্ৰ প্ৰদেশৰ বাবুৰাও বুলি চিনাক্ত কৰা হৈছে। খনচা-লাজু পথৰ চানলিয়াম নামৰ ঠাইখনৰ তিনি আলিৰ ওচৰত সংঘটিত হোৱা এই কূটাঘাতত এন এছ চি এন (আই এম) জড়িত থকা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে।
উল্লেখ্য যে চলিত বৰ্ষৰে ৪ অক্টোবৰত চাংলাং জিলাৰ মনমাও অঞ্চলত এন এছ চি এনৰ আন এটা গোটে আলফা(স্বা)ৰ সহযোগত কৰা এম্বুশ্বতো এজন জোৱান নিহত হৈছিল। শেহতীয়াকৈ অৰুণাচল প্ৰদেশৰ এনএছচিএন অধ্যুষিত টিৰাপ, চাংলাং আৰু লংডিং জিলাত এনে কূটাঘাতমূলক ঘটনা বৃদ্ধি পোৱাৰ খবৰ আহিছে। নগা শান্তি চুক্তি কাৰ্যকৰী কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা শেহতীয়া তৎপৰতাৰ বাবেই নগা সন্ত্ৰাসবাদী সংগঠনসমূহে নিজৰ গতিবিধি সক্ৰিয় কৰিছে বুলি সন্দেহ প্ৰকাশ প্ৰতিৰক্ষা বিশেষজ্ঞসকলে।
শেহতীয়াকৈ প্ৰস্তাবিত নাগালিমত অৰুণাচল প্ৰদেশৰ টিৰাপ, চাংলাং আৰু লংডিং জিলাক অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে এন এছ চি এনে। ইয়াৰ বিপৰীতে অৰুণাচল প্ৰদেশ চৰকাৰে কোনো কাৰণতে এই জিলা তিনিখন নাগালিমত অন্তৰ্ভুক্ত কৰিবলৈ বিচৰা নাই । ইয়াৰ ফলতে শেহতীয়াকৈ এনে কূটাঘাটমূলক কাৰ্যকলাপ বৃদ্ধি পাইছে এলেকাটোত।