গুৱাহাটী- অৰুণাচল প্ৰদেশৰ খাৰচাঙত এন এছ চি এন(আৰ) কেডাৰ আটক। সোমবাৰে ভাৰতীয় সেনা- অৰুণাচল প্ৰদেশ আৰক্ষীয়ে চলোৱা যৌথ অভিযানত আটক কেডাৰজন। ধৃত কেডাৰজন চাংলাং জিলাৰ ছাচিঙৰ নিৱাসী চেংজং খেমুন বুলি চিনাক্ত কৰা হৈছে।
কেডাৰ জনৰ পৰা উদ্ধাৰ ৭.৬৫ এম এমৰ এটা পিষ্টল, ৬ৰাউণ্ড সজীৱ গুলী। আটক কৰা কেডাৰজনে কোনো লোকৰ পৰা ধন সংগ্ৰহ কৰিবলৈ খাৰচাং অঞ্চললৈ আহিছিল বুলি আৰক্ষীয়ে উল্লেখ কৰে।