যোৰহাটত জ্বলিল উদ্ধৱ থাকৰেৰ প্ৰতিমূৰ্ত্তি

যোৰহাট- ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰৰ প্ৰতিবাদত ৰাজ্যত উঠিছে ক্ষোভৰ জুই ।

এক ভিত্তিহীন গোচৰৰ গইনা লৈ নিজ ঘৰৰ পৰা দাগী অপৰাধীৰ দৰে গ্ৰেপ্তাৰ কৰা ঘটনাক হিন্দু যুৱ ছাত্ৰ পৰিষদ অসম, যোৰহাট জিলা সমিতিয়ে আজি তীব্ৰ ভাষাৰে গৰিহনা দিছে ।

ৰাজপথত মহাৰাষ্ট্ৰৰ মূখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ প্ৰতিমূৰ্ত্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে কৰে প্ৰতিবাদকাৰী সকলে ।সংগঠনটোৰ অৰ্ধশতাধিক কৰ্মীয়ে চহৰৰ মাজমজিয়াৰ বৰুৱা চাৰিআলিত প্ৰতিবাদস্থলীৰ পৰা অৰ্ণৱ গোস্বামীক অতি শীঘ্ৰে বিনা চৰ্তে মুক্তি দিয়াৰ দাবী উত্থাপন কৰে ।

উক্ত সংগঠনটোৰ সভাপতি বিকি তাঁতী আৰু সম্পাদক পৰাগজ্যোতি বৰাই কয় ,’ মহাৰাষ্ট্ৰত দুজনকৈ সাধুক নিৰ্মম ভাৱে হত্যা কৰা আৰু সুশান্ত সিং ৰাজপুত কাণ্ড আৰু মুম্বাই ছবি জগতত খান কোম্পানীৰ দপদপনি আৰু ড্ৰাগছৰ ৰমৰমীয়া বেহাৰ বিৰুদ্ধে সৰৱ হৈ পৰাটোৱেই কাল হ’ল অৰ্ণৱ গোস্বামীৰ বাবে| ‘

খান কোম্পানী আৰু ড্ৰাগছ ব্যৱসায়ীৰ স্বাৰ্থ ৰক্ষাৰ বাবে উদ্ধৱ থাকৰেৰ চৰকাৰে এই নিৰ্ল্লজ্জ কাণ্ড সংঘটিত কৰিছে বুলি অভিযোগ কৰে সংগঠনটোৱে| লগতে গনতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিক সকল আক্ৰমনৰ লক্ষ্য হৈ পৰাটো অতি দুৰ্ভাগ্য জনক বুলিও কয় নেতৃদ্বয়ে|

অসমতো অগপ আৰু কংগ্ৰেছৰ শাসন কালত এনে ঘটনা সংঘটিত হৈছে বুলি উল্লেখ কৰি সাংবাদিকৰ নিৰাপত্তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আইন প্ৰস্তুত কৰিব লাগে বুলিও দাবী কৰে সংগঠনটোৱে|

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply