গুৱাহাটী– অৱসৰপ্ৰাপ্ত শিক্ষক-কর্মচাৰীক প্রাপ্য পেঞ্চনৰ পৰা বঞ্চিত নকৰিবলৈ চৰকাৰক আহ্বান অসম জাতীয় পৰিষদৰ । অৱসৰপ্রাপ্ত শিক্ষক কর্মচাৰীক প্রাপ্য পেঞ্চনৰ পৰা বঞ্চিত কৰা বিজেপি চৰকাৰৰ এইয়া নিকৃষ্ট ষড়যন্ত্র বুলি দাবী কৰিছে অসম জাতীয় পৰিষদে।

নতুন ৰাষ্ট্ৰীয় পেঞ্চন নীতিৰ জৰিয়তে বিজেপি চৰকাৰে অৱসৰপ্রাপ্ত চৰকাৰী কৰ্মচাৰীসকলৰ প্রতি চর্ম অন্যায় কৰা বুলি আঞ্চলিক দলটোৱে ক্ষোভ প্রকাশ কৰিছে। এক বিবৃতিত অসম জাতীয় পৰিষদে বৃহস্পতি বাৰে প্ৰেছ বিবৃতিত জনাই যে, নতুন ৰাষ্ট্ৰীয় পেঞ্চন নীতিৰ ফলত ২০০৫ বৰ্ষৰ পূর্বলৈকে কৰ্মৰত শিক্ষক-কর্মচাৰীসকলেহে ১৯৬৯ চনৰ সেৱা বিধিৰ অধীনত পেঞ্চন লাভ কৰিব।

আনহাতে, ২০০৫ বৰ্ষৰ পিছৰে পৰা কৰ্মৰতসকল নতুন ৰাষ্ট্ৰীয় পেঞ্চন নীতিৰ আওতাত পৰিব। লক্ষণীয়ভাৱে, পূর্বৰ নীতি অনুসৰি চৰকাৰী শিক্ষককর্মচাৰীসকলে অন্তিম দৰমহাৰ ৬০ শতাংশ ধন পেঞ্চন হিচাপে লাভ কৰিছিল। কিন্তু নতুন নীতিৰ অধীনত পৰাসকলে অন্তিম দৰমহাৰ প্রায় ২ শতাংশ মান ধনহে পেঞ্চনৰ বাবদ লাভ কৰিব।

কিন্তু দেখা যায় ৩৫ হাজাৰ টকাৰ দৰমহাত অৱসৰ লােৱাজনৰ পেঞ্চন হ’ব প্রায় ৫০০ টকা। একেদৰে প্রায় ২ লাখ টকাৰ দৰমহাত অৱসৰ লােৱা কলেজ অধ্যক্ষ একোগৰাকীয়ে মাহে ২,৫০০ টকা মানহে পেঞ্চন পাব। জাতীয় পৰিষদৰ দৃষ্টিত এই নগণ্য পৰিমাণৰ পেঞ্চন একোগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক নতুবা কৰ্মচাৰীৰ প্রতি কেৱল অন্যায় নহয়, ই চৰম তাচ্ছিল্যও।

বিবৃতিটোত কোৱা হৈছে যে, অসমত ২০০৫ বৰ্ষৰ ১৫-১৭ বছৰ আগৰেপৰা কৰ্মৰত শিক্ষক কর্মচাৰীসকলক অসম চৰকাৰৰ শিক্ষা বিভাগে ২০১৩ বৰ্ষত প্রাদেশিকীকৰণ ব্যৱস্থাৰে দৰমহা প্রদান কৰিছিল। এই সকলে অৱসৰ গ্ৰহণ কৰিবলৈ লৈছে।

নতুন পেঞ্চন নীতিৰ আওতাত পৰাৰ ফলত এইসকল অৱসৰপ্ৰাপ্ত শিক্ষক-কর্মচাৰী ভয়াৱহ দুর্যোগৰ সন্মুখীন হৈছে। জাতীয় পৰিষদে কয় যে ”ৰাজ্যৰ লক্ষ লক্ষ নিবনুৱাক সংস্থাপন দিব নােৱাৰা বিজেপি চৰকাৰে এতিয়া অৱসৰপ্ৰাপ্ত পিতৃ-মাতৃসকলকো প্রাপ্য পেঞ্চনৰ পৰা বঞ্চিত কৰিবলৈ লােৱাত ৰাজ্যখনৰ অগণন পৰিয়ালৈ অন্ধকাৰ নামিব। ” ৰাজ্যখনত আৰু এটা ভয়ানক সামাজিক সমস্যা যাতে সৃষ্টি নহয় সেই উদ্দেশ্যেই পেঞ্চনাৰ ক্ষেত্ৰত অৱসৰপ্ৰাপ্ত চৰকাৰী শিক্ষক-কর্মচাৰীসকলক ন্যায় প্রদান কৰিবলৈ আঞ্চলিক দলটোৱে চৰকাৰক দাবী জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply