নিউজ ডেস্ক– চেন্নাইৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, মাদ্ৰাজৰ ৭১ গৰাকী শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছে কৰোণা ভাইৰাছৰ উপস্থিতি। প্ৰতিষ্ঠানখনৰ ৯টা ছাত্ৰাবাস আৰু ১টা অতিথিশালাত সংঘটিত হৈছে কৰোণা সংক্ৰমণ।
প্ৰতিষ্ঠানখনৰ ৭০০ গৰাকী শিক্ষাৰ্থীৰ মাজত পৰীক্ষা কৰোঁৱা হৈছিল আৰু ইয়াৰে ৭১ গৰাকীৰ দেহত ক’ভিডৰ উপস্থিতি নিশ্চিত হৈছে। ইয়াৰ পাছতে প্ৰতিষ্ঠানখনৰ বিভাগসমূহৰ লগতে পৰীক্ষাগাৰ, কেণ্টিন আৰু লাইব্ৰেৰী আদি সকলো বন্ধ কৰি দিয়া হৈছে।
পজিটিভ ওলোৱাৰ পাছতে প্ৰতিষ্ঠানখনৰ শিক্ষক আৰু শিক্ষাৰ্থীক ‘ৱৰ্ক ফ্ৰম হোম’ৰ সুবিধা দিয়া হৈছে৷