নিউজ ডেক্স:- বৰ্ষৰ সামৰনিত মেলব’ন টেষ্টত দুর্দান্ত জয়েৰে টীম ইন্ডিয়াই আই চি চি টেষ্ট ৰেংকিঙত দ্বিতীয় স্থান অক্ষুণ্ণ ৰাখি ৱর্ল্ড টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্রৱেশৰ সম্ভাৱনা জীয়াই ৰাখিছে৷ আই চি চিয়ে প্রকাশ কৰা নতুন পইণ্ট তালিকা অনুসৰি অষ্ট্রেলিয়া প্রথম, ভাৰতে দ্বিতীয় আৰু নিউজিলেণ্ডে তৃতীয় স্থানত আছে |
বক্সিং ডে’ টেষ্টত অষ্ট্রেলিয়াক পৰাস্ত কৰাৰ সুবাদত আজিংক্য ৰাহানে নেতৃত্বাধীন দলটোৱে মূল্যৱান ৩০ পইণ্ট অর্জন কৰিছে৷ দলটোৱে সম্প্রতি ৩৯০ পইণ্ট আৰু ৭২.২ পাৰচেণ্টেজ অৱ পইণ্টছ (পি চি টি)ৰ সৈতে দ্বিতীয় স্থানত আছে৷ মেলব’নত ভাৰতৰ হাতত শোচনীয় পৰাজয়ৰ সন্মুখীন হ’লেও অষ্ট্রেলিয়াই ৭৬.৬ পি চি টিৰ সৈতে শীর্ষস্থান অক্ষুণ্ণ ৰাখিছে৷ ইফালে, নিউজিলেণ্ডে প্রথম টেষ্টত পাকিস্তানক ১০১ ৰানত পৰাস্ত কৰাৰ সুবাদত তৃতীয় স্থান অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে৷
উল্লেখ্য যে আই চি চিয়ে দুবছৰ পূর্বে আৰম্ভ কৰা বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ নিয়ম অনুসৰি লীগ পর্যায়ৰ শীর্ষস্থানপ্রাপ্ত দুটা দলে ২০২১ত ফাইনেল খেলাৰ সুযোগ পাব৷

মেলব’ৰ্ণ ক্রিকেট গ্রাউণ্ডত অনুষ্ঠিত ঐতিহাসিক বক্সিং ডে’ টেষ্টত চমকপ্রদ জয় সাব্যস্ত কৰিলেও টীম ইণ্ডিয়াই তৃতীয় টেষ্টত ব্যাপক সালসলনিৰে খেলপথাৰত নমাৰ সম্ভাৱনা আছে৷ আঘাতৰ বাবে দ্বিতীয় টেষ্টত আধাতে খেলপথাৰ ত্যাগ কৰা তাৰকা বেগী বলাৰ উমেশ যাদৱে তৃতীয় টেষ্টত অংশ ল’ব নোৱৰাটো একপ্রকাৰ নিশ্চিত হৈছে৷ তেওঁৰ স্থানত টেষ্ট অভিষেক ঘটাবলৈ সাজু হৈছে তামিলনাডুৰ নৱাগত চাঞ্চল্য টি নটৰাজন৷
আহিব লগা বর্ষত হ’বলগীয়া আই চি চি ৱর্ল্ড টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেলাৰ আশা সজীৱ কৰি টীম ইণ্ডিয়াই |