ৰঙিয়া – আকাৰ-ইকাৰ আৰু যুক্তাক্ষৰবিহীন কবিতা ৰচনাৰে অভিলেখ গঢ়িলে ৰঙিয়াৰ যুৱকে। ৰঙিয়াৰ ধুহিৰ মুত্তাকিনুৰ ৰহমানৰ নাম সন্নিবিষ্ট হৈছে ইণ্ডিয়া বুক অব্ ৰেকৰ্ডছত।
ইণ্ডিয়া বুক অব্ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত হৈছে ৰঙিয়াৰ যুৱকৰ। আকাৰ-ইকাৰ আৰু যুক্তাক্ষৰবিহীন কবিতা ৰচনাৰে অভিলেখ গঢ়া ৰঙিয়াৰ ধুহিৰ মুত্তাকিনুৰ ৰহমানৰ নাম সন্নিবিষ্ট হৈছে ইণ্ডিয়া বুক অব্ ৰেকৰ্ডছত । মুত্তাকিনুৰ ৰহমানে তেওঁৰ প্ৰথম কাব্যগ্ৰন্থ ‘সপোনৰ লুইত’ত সন্নিবিষ্ট “ধনবল নহয় মনবলৰ ওপৰত” শীৰ্ষক আকাৰ-ইকাৰ আৰু যুক্তাক্ষৰবিহীন কবিতা এটাৰ বাবে ইণ্ডিয়া বুক অব্ ৰেকৰ্ডছৰ দ্বাৰা সন্মানিত হৈছে।
সোতৰ শৰীৰ কবিতাটোৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্যায়ত অভিলেখ সৃষ্টি কৰি মুত্তাকিনুৰ ৰহমানে ইণ্ডিয়া বুক অব্ ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে। ইণ্ডিয়া বুক অব্ ৰেকৰ্ডছ কতৃপক্ষই মানপত্ৰ, বঁটা, কলম আৰু পৰিচয় পত্ৰৰে সন্মানিত কৰে যুৱক জনক।
যুৱ কবি মুত্তাকিনুৰ ৰহমানৰ এই কৃতিত্বক লৈ সমগ্ৰ ৰঙিয়াতে এতিয়া বৈছে আনন্দৰ লহৰ। ৰঙিয়াৰ ধুহি ছাত্র সন্থাই কবি মুত্তাকিনুৰ ৰহমানৰ এই সাফল্যৰ বাবে সম্বৰ্ধনা জনায়।