বৰপেটা – বৰপেটাত অগপৰ বিশাল ঐক্য সমাৰোহ৷ অংশগ্ৰহণ কৰিলে অতুল বৰা, কেশৱ মহন্তকে ধৰি একাধিক নেতাই৷ আগন্তুক দিনত আক্ৰমণৰ লক্ষ্য হৈ পৰিব ছাত্ৰ সন্থা বুলি মন্তব্য অতুল বৰাৰ৷
বৰপেটাত মঙলাবাৰে অনুষ্ঠিত হয় অগপ দলৰ ঐক্য সমাৰোহ৷ বৰপেটা জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত বৰপেটাৰ বিধায়ক গুনীন্দ্ৰ নাথ দাসৰ সভাপতিত্বত অনুষ্ঠিত ঐক্য সমাৰোহত অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্তকে ধৰি অগপৰ মহিলা পৰিষদ, যুৱ পৰিষদৰ নেতৃবৃন্দই অংশগ্ৰহণ কৰে৷
অগপৰ বৃহৎসংখ্যক মহিলা কৰ্মী সমৰ্থকৰ উপস্থিতিত অনুষ্ঠিত বিশাল ঐক্য সন্মিলনত অংশগ্ৰহণ কৰি অগপ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰাই ছাত্ৰ সন্থা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কয় যে আগন্তুক দিনত আক্ৰমণৰ লক্ষ্য হৈ পৰিব সদৌ অসম ছাত্ৰ সন্থা৷ আছুত যাতে দলীয় ৰাজনীতিৰ চেকা নালাগে সেই বিষয়ত আছুত থকা সময়ত সচেতন আছিল বুলি মন্তব্য কৰে কৃষি মন্ত্ৰী অতুল বৰাই৷
ছাত্ৰ সন্থাই আঞ্চলিকতাবাদত বিশ্বাস কৰে যদিও দলীয় ৰাজনীতিৰ উৰ্দ্ধত কাম কৰে৷ এতিয়া দলীয় ৰাজনীতিৰ সৈতে পোনপোটীয়াভাৱে সাঙেৰ খাই পৰিছে ছাত্ৰ সন্থা৷ ইয়ে আঞ্চলিকতাবাদৰ ভেটিতো দূৰ্বল কৰিব বুলি মন্তব্য কৰি আছুৰ পূৰ্বৰ জাতীয় সংগঠনৰ মৰ্যাদা নাথাকিব বুলিও প্ৰকাশ কৰে অতুল বৰাই৷ আনকি ৰাজনৈতিক দলসমুহৰ ছাত্ৰ সংগঠন থকাৰ দৰে ছাত্ৰসন্থাও এতিয়া ৰাজনৈতিক দলৰ ছাত্ৰ সংগঠনৰ লেখীয়া হৈ পৰা বুলি মন্তব্য কৰে অতুল বৰাই৷
ছাত্ৰ সন্থাই অগপক কৰা সমালোচনাক এতিয়া আৰু সহ্য কৰা নহ’ব বুলিয়েই একপ্ৰকাৰ হুংকাৰ প্ৰদান কৰি অনাগত দিনত ছাত্ৰ সন্থা আক্ৰমণৰ লক্ষ্য হৈ পৰিব বুলি হুংকাৰ দিয়ে কৃষিমন্ত্ৰী গৰাকীয়ে৷ আনহাতে অতুল বৰাই কংগ্ৰেছ আৰু এআইইউডিএফক তীব্ৰভাৱে সমালোচনা কৰি ২০২১ ৰ বিধানসভা নিৰ্বাচনত অগপ আৰু বিজেপি মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব বুলি দাবী কৰে৷ ঐক্য সমাৰোহত জনপ্ৰিয় শিল্পী কল্পনা পাটোৱাৰীয়ে অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰাৰ লগতে গীত পৰিবেশন কৰে৷