গুৱাহাটী – গুৱাহাটী মহানগৰৰ মাজমঁজিয়াত ব্যাপক যান-জঁটৰ সমস্যা নাইকিয়া কৰিবৰ বাবে শীঘ্ৰেই গণেশগুৰিত নিৰ্মীয়মান উৰণীয়া সেঁতুখন মুকলি কৰি দিয়া হ’ব। এই কথা কালি গুৱাহাটীত অনুষ্ঠিত এক ৰাজহুৱা সভাত ঘোষণা কৰে গড়কাপ্তানি তথা বিত্ত মন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই। তেওঁ লগতে কয় যে গণেশগুৰিৰ উপৰি ছুপাৰমাৰ্কেটৰ উৰণীয়া সেঁতুখন অহা ব’হাগত মুকলি কৰি দিয়া হ’ব।

উল্লেখ্য যে কালি ড. শৰ্মাই গুৱাহাটীৰে মালিগাওঁত আন এখন উৰণীয়া সেঁতুৰ আধাৰশিলা মুকলি কৰি এই ঘোষণা কৰে। ২০২০-২১ বর্ষৰ ৰাজ্য চৰকাৰৰ ‘স্ব-অগ্রাধিকাৰ পুঁজি’ৰ (এছ অ’ পি ডি) অধীনত লোকনির্মাণ (পথ) বিভাগে নির্মাণ কৰিবলগীয়া ৪২০.৭৫ কোটি টকাৰ প্রকল্প ব্যয়েৰে মালিগাঁওৰ পৰা কামাখ্যা গে’ট অভিমুখী তথা মালিগাঁও আৰু পাণ্ডু সংযোগী এখন চাৰিলেনযুক্ত ফ্লাই অ’ভাৰ নির্মাণৰ কামে আজিৰে পৰা আনুষ্ঠানিকতা লাভ কৰিলে৷

প্রস্তাৱিত এই ফ্লাই অ’ভাৰখন মালিগাঁৱত আৰম্ভ হৈ এ টি ৰ’ডৰ কামাখ্যা মন্দিৰ গে’টত সমাপ্ত হ’ব৷ সেতুখনৰ এটা পথ পাণ্ডুঘাট সংযোগী পথৰ দিশেও সম্প্রসাৰণ কৰা হ’ব৷ প্রায় ৩ কিল’মিটাৰ দৈর্ঘযৰ এই সেতুখন নির্মাণ হৈ উঠিলে ই ৰাজ্যৰ ভিতৰতে দীর্ঘতম ফ্লাই অ’ভাৰ হিচাপে পৰিগণিত হ’ব৷ ফ্লাই অ’ভাৰৰ কাম অহা দুবছৰৰ ভিতৰত সম্পূর্ণ কৰি তোলাৰ লক্ষ্য নির্ধাৰণ কৰা হৈছে৷

উল্লেখ্য যে মহানগৰখনৰ বিভিন্ন ঠাইত ৯খনকৈ ফুট অ’ভাৰব্রীজৰ নির্মাণকার্য চলি থকাৰ লগতে গুৱাহাটী ক্লাবৰ পৰা বামুণীমৈদাম সংযোগী আন এখন ফ্লাই অ’ভাৰৰ নির্মাণৰ সম্ভাৱনীয়তাৰ অধ্যয়ন চলাই থকা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply