তেজপুৰ: বি জে পি দলে তেজপুৰ বিধান সভা সমষ্টিটো নিজৰ দখললৈ নিয়াৰ বাবে চেষ্টা চলাই অহাৰ সময়তে এই সমষ্টি পৰা পুণৰ নিৰ্বাচন খেলাৰ কথা ঘোষণা কৰিছে তেজপুৰৰ বিধায়ক তথা অ গ পৰ প্ৰাক্তন সভাপতি বৃন্দাবন গোস্বামীয়ে ।

তেজপুৰত অগপ নেতা গৰাকীয়ে কয়, “ঘাট প্ৰতিঘাটৰ মাজৰে মানুহৰ জীৱন । সংগ্ৰামৰ মাজেৰে মই বিধায়ক হিচাবে ২৫ বছৰ সম্পূৰ্ণ কৰিলো । সমষ্টি বাসীয়ে মোক বিচাৰে গতিকে ২১ চনত মই নিবাচন খেলিম ।

তেজপুৰৰ ৰাইজে মোক সেৱা কৰাৰ সুবিধা দিয়াৰ বাবেই মই পাছ বাৰ বিধায়ক হৈছো , মন্ত্ৰী হৈছো । তেজপুৰত বাট পথ , বিভিন্ন উন্নয়নমুলক কাম কৰি আহিছো |” বিভিন্ন সময়ত বাধাৰ সন্মুখীণ হোৱাৰ কথা উল্লেখ কৰি জ্যেষ্ঠ কংগ্ৰেছ নেতা গৰাকীয়ে কয়, “বিভিন্ন সময়ত বাধা আহিছে যদিও সেই বাধাৰ প্ৰাচীৰ ভাঙি কাম কৰি আছো |” আগন্তুক এটা কাৰ্যকালৰ বাবে বিধায়ক হৈ আধৰুৱা কাম কৰিবৰ বাবে সাজু বুলি মন্তব্য কৰে বৃন্দাবন গোস্বামীয়ে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply