আগন্তুক নিৰ্বাচনত কেনেদৰে ভোট দিব পাৰিব

নিউজ ডেস্ক: আগন্তুক অসম বিধান সভাৰ নিৰ্বাচনত ভোটদানৰ ক্ষেত্ৰত কেতবোৰ নতুন ধৰণে ভোটদানৰ সুবিধা দিয়াৰ বাবে সাজু হৈছে নিৰ্বাচন আয়োগে |এইবাৰ নিৰ্বাচনত বয়োজ্যেষ্ঠ, বিশেষভাৱে সক্ষম আৰু কোভিড পজিটিভ লোকে যাতে ভোটদান কৰিব পাৰে তাৰ বাবে পোষ্টেল বেলটৰ ব্যৱস্থা কৰিছে ৷ BLO সকলে ঘৰে ঘৰে গৈ তেনে লোক সকলক চিনাক্ত কৰিব ৷

ভোটদানৰ বাবে নিৰ্বাচন আয়োগে ১১খন নথিক অনুমোদন দিছে ৷ আধাৰ কাৰ্ড,পান কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ফটো থকা পৰিচয় পত্ৰ,পাছপ’ৰ্ট, ফটো থকা বেংকৰ পাছবুক থাকিলে  ভোটদান কৰিব পাৰিব৷

আনহাতে এটা ৰাজনৈতিক দলে বেলটৰ যোগেদি ভোটদান হোৱাটো বিচাৰিছে যদিও সেইটো নাকচ কৰিচে আয়োগে৷ নিৰ্বাচন আয়োগে কোভিডৰ বাবে এটা ভোটদান কেন্দ্ৰত ১৫০০ৰ পৰা ভোটদাতাৰ সংখ্যা ১০০০ কমাই দিছে ৷

যাৰ বাবে অতিৰিক্ত ৫০০০ ভোটদানৰ কেন্দ্ৰ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে৷ আনহাতে, ভোটদান কেন্দ্ৰসমূহত খোৱা পানী, শৌচাগাৰ আৰু বিশ্ৰামগৃহ নিৰ্মাণৰ নিৰ্দেশ দিয়া হৈছে৷ লগতে ভোটদান কেন্দ্ৰসমূহ তলৰ মহলাত নিৰ্মাণ কৰাৰো সিদ্ধান্ত লৈছে ৷এইবাৰ বিধানসভা নিৰ্বাচনত বিশেষভাৱে সক্ষম আৰু ৮০ৰ ঊৰ্ধ্বৰ লোকে পোষ্টেল বেলটযোগে দিব পাৰিব ভোট ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply