বৰপেটা – আগন্তুক ৫ বছৰত অসমৰ ৰাজনীতি নিয়ন্ত্ৰণ কৰিব কেওটসকলে৷ বৰপেটাত সদৌ অসম কেওট জাতীয় পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক আৰু বৰপেটা জিলা সমিতিৰ প্ৰথম বাৰ্ষিক অধিবেশন৷
শনিবাৰৰ পৰা বৰপেটাত আৰম্ভ হৈছে সদৌ অসম কেওট জাতীয় পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক আৰু বৰপেটা জিলা সমিতিৰ প্ৰথম বাৰ্ষিক অধিবেশন৷ বৰপেটা জিলা পুথিভড়ালত আৰম্ভ হোৱা কাৰ্যনিৰ্বাহক সভা আৰু বৰপেটা জিলা সমিতিৰ প্ৰথম বাৰ্ষিক অধিবেশনত অংশ লোৱাৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কাৰ্যনিৰ্বাহক সদস্য আৰু বিষয়ববীয়াসকল বৰপেটাত আহি উপস্থিত হৈছে৷ জিলা সমিতিৰ অধিবেশন উপলক্ষে সমবেত হৈছে জিলাখনৰ প্ৰতিনিধি৷
ৰাজ্যখনত বসবাস কৰি থকা ৮০ লক্ষ কেওট সম্প্ৰদায়ৰ লোকক সংগঠিত কৰি ২০১৭ চনত নদীদ্বীপ মাজুলীত গঠন কৰা হৈছিল সদৌ অসম কেওট জাতীয় পৰিষদ৷ ৰাজ্যখনৰ কেওটসকলক অনুসূচীত জাতি হিচাপে স্বীকৃতিৰ দাবীত জন্মগ্ৰহন কৰা কেওট জাতীয় পৰিষদে ইতিমধ্যে এই দাবীৰ সমৰ্থনত ৰাজ্য চৰকাৰক স্মাৰকপত্ৰ প্ৰদান কৰি আহিছে৷ আনহাতে কেওটসকলক ভাগ ভাগ কৰি জালোৱা কেওটসকলক অনুসূচীত জাতি হিচাপে স্বীকৃতি প্ৰদানৰ লগতে হালোৱা কেওটসকলক উক্ত সুবিধাৰ পৰা বঞ্চিত কৰি অহা হৈছে বুলিও ক্ষোভ ব্যক্ত কৰিছে সদৌ অসম কেওট জাতীয় পৰিষদৰ সভাপতি পুলক চন্দ্ৰ শইকীয়াই৷
আনহাতে ৰাজ্যখনত বসবাস কৰা ৮০ লাখ কেওট সম্প্ৰদায়ৰ লোকে আগন্তুক ৫ বছৰত অসমৰ ৰাজনীতি নিয়ন্ত্ৰণ কৰিব বুলিও সদৌ অসম কেওট জাতীয় পৰিষদৰ সভাপতি পুলক চন্দ্ৰ শইকীয়াই জানিবলৈ দিয়ে ৷