তেলিমুৰাত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ

আগৰতলা– আগৰতলাত তেলিমুৰা যান-বাহন আৰক্ষীৰ সাফল্য়। ডি এছ পি সোণাচৰণ জমাতিৰ নেতৃত্বত তেলিমুৰা যান বাহন নিয়ন্ত্ৰণ আৰক্ষীয়ে জব্দ কৰে গাঞ্জা ভৰ্ত্তি ট্ৰাক। জব্দ কৰা ট্ৰাক খনৰ নম্বৰ TR01Q1913 । ট্ৰাক খনৰ পৰা উদ্ধাৰ প্ৰায় ৮০০ কেজি গাঞ্জা। জব্দ কৰা গাঞ্জাখিনিৰ বজাৰ মূল্য় প্ৰায় ১ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে।

লগতে আৰক্ষীয়ে আটক কৰে গাড়ী চালক শিবু সৰকাৰ আৰু সুকুমাৰ সৰকাৰক। উল্লেখ্য় যে গাঞ্জাখিনি ত্ৰিপুৰাৰ পৰা অসমলৈ সৰবৰাহ কৰা হৈছিল।

এইদৰে বহিঃৰাজ্য়লৈ নিতৌ ট্ৰাকেৰে সৰবৰাহ হৈ আছে গাঞ্জাৰ লগতে অন্য়ান্য় মাদক দ্ৰব্য়। আৰক্ষীৰ নিৰাপত্তা বেষ্টনীৰ মাজতো কেনেদৰে এই নিচাযুক্ত সামগ্ৰী সমূহ এখন ৰাজ্য়ৰ পৰা আন এখন ৰাজ্য়লৈ সৰবৰাহ হৈ আছে এই সন্দৰ্ভত আৰক্ষীৰ ভূমিকাৰ ওপৰতো প্ৰশ্ন উত্থাপন হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply