সংবাদমেলত আছুৰ সম্পাদক শংকৰজ্যোতি বৰুৱা

তেজপুৰঃ আছুৰ মজিয়াত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক এলাগি কৰা বুলি যোৱা সময়চোৱাত যি খবৰ প্ৰচাৰ হৈ আহিছিল তাক আকৌ পোহৰলৈ আহিছে শেহতীয়া এক ঘোষণাৰ দ্বাৰা |

বিগত দুলীয়াজান অধিৱেশনৰ সময়ত অৱসৰ ল’ব বুলি আগতীয়াকৈ ঘোষণা কৰাৰ পিছত ছাত্ৰসন্থাৰ গৰিষ্ঠ সংখ্যক প্ৰতিনিধিৰ প্ৰবল অনুৰোধৰ বাবে আছুতে পুনৰ থাকি যোৱা জ্যেষ্ঠ নেতাগৰাকীক লৈ এনে প্ৰশ্ন পুনৰ উঠিছে দেওবাৰে ছাত্ৰ সন্থাৰ সম্পাদকে তেজপুৰত সম্বোধন কৰা এখন সংবাদমেলৰ পিছতে।

সমুজ্জ্বল ভট্টচাৰ্য্য আছুত থাকিব নে নাথাকে সেই সিদ্ধান্ত পৰৱৰ্তী কাৰ্যনিবাহকেহে ল’ব । সেয়েহে বৰ্তমান তেওঁৰ কোনো সাংবিধানিক দায়িত্ব নাই । গতিকে কাৰ্যনিবাহক অনুষ্ঠিত নহোৱা পৰ্যন্ত তেওঁ আছুৰ হৈ কোনো আনুষ্ঠানিক মন্তব্য কৰিব নোৱাৰিব । আছুৰ বক্তব্য ৰাইজক জনাবলৈ হ’লে সেই অধিকাৰ সভাপতি,সাধৰণ সম্পাদকৰহে আছে ।

সাধৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাৰ এই বক্তব্যই এই কথা স্পষ্ট কৰি দিলে যে সদৌ অসম ছাত্ৰ সন্থাৰ মঞ্চত সমুজ্জ্বল ভট্টচাৰ্য্যক লৈ চলি থকা সংঘাট শনিবাৰে গুৱাহাটীৰ শ্বহীদ ন্যাস ভৱনৰ প্ৰতিবাদ স্থলীত শীৰ্ষ আৰক্ষী বিষয়া আৰু সংবাদ মাধ্যমৰ সন্মুখত ভট্টাচাৰ্য্যই আগবঢ়োৱা বক্তব্য আৰু মন্তব্যৰ পিছতে তীব্ৰ হৈ উঠিছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply