আছু কৰ্মীৰ দ্বাৰা ৰাজ্যজুৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ

গুৱাহাটী – আছু কৰ্মীৰ দ্বাৰা ৰাজ্যজুৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ। আছু কৰ্মীক প্ৰহাৰ কৰাৰ ঘটনাকলৈ আছু কৰ্মীৰ ক্ষোভ প্ৰকাশ। শুৱালকুচিত আছু কর্মীক আৰক্ষীৰ প্ৰহাৰকলৈ ব্যাপক প্ৰতিবাদ। গুৱাহাটী, নগাঁও আৰু লখিমপুৰত আছু কৰ্মীৰ উত্তাল প্ৰতিবাদ।

সোমবাৰে ৰাজ্যজুৰি আছু কৰ্মীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। আছু কৰ্মীয়ে সমগ্ৰ ৰাজ্যতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। শুকুৰবাৰে কামৰূপ জিলাৰ শুৱালকুচিত আৰক্ষীয়ে আছু কর্মীক প্ৰহাৰ কৰাৰ বিৰুদ্ধে আছু কৰ্মীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰে।

গুৱাহাটী মহানগৰীত আছু কর্মীক প্ৰহাৰ কৰাৰ বিৰুদ্ধে আছু কৰ্মীয়ে ক্ষোভ প্ৰকাশ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ কৰাৰ লগতে বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। যোৰহাট জিলাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ পুত্তলিকা দাহ কৰি আছু কৰ্মীৰ ওপৰত চৰকাৰৰ অত্যাচাৰ নচলিব বুলি মন্তব্য প্ৰকাশ কৰে প্ৰতিবাদকাৰী আছু কৰ্মীয়ে।

আছু কৰ্মীৰ ওপৰত আৰক্ষীৰ আক্ৰমণৰ তীব্ৰ প্ৰতিবাদত যোৰহাট জিলা ছাত্র সন্থাই জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ কৰি চৰকাৰক সকীয়াই দিয়ে যে কোনো কাৰণতে চৰকাৰৰ এই নীতিক ছাত্র সন্থাই কেৰেপ নকৰে। চৰকাৰৰ এই নীতিৰ বিৰুদ্ধে আন্দোলন অব্যাহত থাকিব বুলিও সকীয়াই দিয়ে আছু কৰ্মীয়ে।

লখিমপুৰ জিলাৰ লালুকক লগতে নগাঁও জিলাৰ চামগুৰিত আছু কৰ্মীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পুত্তলিকা দাহ কৰে। প্ৰতিবাদকাৰী আছু কৰ্মীৰ ওপৰত আৰক্ষীৰ বৰ্বৰতা কোনো কাৰণতে সহ্য কৰা নহ’ব বুলিও হুংকাৰ প্ৰদান কৰে আছু কৰ্মীয়ে। প্ৰতিবাদকাৰী আছু কৰ্মীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক তীব্ৰ সমালোচনা কৰাৰ লগতে কা কেতিয়াও মানি লোৱা নহ’ব বুলি হুংকাৰ প্ৰদনা কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply