গুৱাহাটী– ‘আছে গৰু নাবাই হাল, হোৱাতকৈ নোহোৱাই ভাল’। বাক্য়শাৰী যেন পুনৰ সত্য়তা প্ৰতিপন্ন হবলৈ গৈছে। গুৱাহাটী মহানগৰীত প্ৰায় সকলো স্থানতে দেখা যায় বিশাল বিশাল ষ্ট্ৰীট লাইট। কিন্তু জ্বলাৰ সময় হ’লে নজ্বলে এটাও লাইট। মহানগৰখন উন্নয়ন আৰু সৰ্বাংগসুন্দৰ কৰি তোলাৰ দায়িত্ব আছে দুটা বিভাগৰ কান্ধত। জি এম চি আৰু জিএমডিএ নামত দুটাকৈ বিয়োগোম বিভাগ আছে যদিও কাৰ্য ক্ষেত্ৰত সকলো কাম চোৱাচিতা কৰাত ব্যৰ্থ হৈছে বিভাগ দুটা।

পিছে এইবাৰ প্রায় ৯ কোটি টকা ব্যয়েৰে মহানগৰখনৰ বিভিন্ন পথ-উপপথত দীর্ঘদিন ধৰি বিকল হৈ থকা ষ্ট্রীট লাইটসমূহ মেৰামতি কৰা কথা হ’ব বুলি পৌৰ নিগমৰ এক শীর্ষ সূত্রই জানিবলৈ দিছে৷

এটি ৰোড, জিএছ ৰোড, আৰ জি বৰুৱা ৰোড, মাদাৰ টেৰেছা ৰোড, এম জি ৰোড, পাঞ্জাবাৰী, বেলতলা, হাতীগাঁও, ৩৭নং ৰাষ্ট্রীয় ঘাইপথকে ধৰি প্রধান আৰু গুৰুত্বপূর্ণ পথসমূহত বিকল হৈ থকা ষ্ট্রীট লাইটসমূহৰ মেৰামতি কাম আৰম্ভ কৰিব পৌৰনিগমে।

ইতিমধ্যে ২২টা ঠিকাদাৰী প্রতিষ্ঠানক ষ্ট্রীট লাইট মেৰামতিৰ কাম আবণ্টন দিছে৷ ইয়াৰ উপৰি পৌৰ নিগম কর্তৃপক্ষই মহানগৰীৰ বিভিন্ন পথ আৰু উপপথসমূহত জৰীপৰ কাম আৰম্ভ কৰিছে ৷ এই জৰীপৰ জৰিয়তে মহানগৰীৰ ষ্ট্রীট লাইট নথকা পথ–উপপথসমূহ চিনাক্ত কৰি উক্ত অঞ্চলসমূহত ষ্ট্রীট লাইটৰ ব্যৱস্থা কৰা হ’ব পৌৰনিগমে জনাইছে।

মহানগৰীৰ মূল পথসমূহত প্রায় ৫,০০০ ষ্ট্রীট লাইট আৰু উপপথসমূহত প্রায় ১০,০০০ ষ্ট্রীট লাইটৰ ব্যৱস্থা কৰাৰ বাবে পৰিকল্পনা কৰাৰ কথা জনাইছে জিএমচি কর্তৃপক্ষই ৷

পিছে এইবাৰ মহানগৰবাসীয়ে সঁচাকৈয়ে ৰাজপথত পোহৰ দেখা পাবনে?

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply