গুৱাহাটী – ৰাজ্যত বিধানসভা নির্বাচনৰ বাব মাজত মাথো কেইটামান দিন। তাৰ লগে লগে ক্ৰমাৎ বৃদ্ধি পাইছে ৰাজনৈতিক বিতৰ্কৰ সংখ্যা। শেহতীয়াকৈ মিঞা মিউজিয়ামৰ পাছত এইবাৰ বদৰুদ্দিন আজমলৰ কেবিনেটক লৈ সৃষ্টি হৈছে বিতর্কৰ৷ ৰাজ্য চৰকাৰে মাদ্রাছাসমূহ বন্ধ কৰি দিয়াৰ পাছত এ আই ইউ ডি এফৰ মূৰব্বী বদৰুদ্দিন আজমলে তেওঁলোকৰ চৰকাৰে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ লগতে মাদ্রাছাসমূহ খুলি দিয়াৰ কথা দক্ষিণ শালমাৰাৰ এক দলীয় সভাত ঘোষণা কৰিছিল। তেওঁ কৈছিল যে তেওঁলোকৰ চৰকাৰ আহিলেই মাদ্ৰাছাসমূহ পুনৰ খোলা হ’ব। ইয়াৰ পাছত কালি বিত্ত মন্ত্রী হিমন্ত বিশ্ব শর্মাই উভতি ধৰিছে আজমলক৷
মন্ত্রী ড. শর্মাই কয় যে মাদ্রাছা খোলাৰ কেবিনেটখন আজমলে বাংলাদেশ বা পাকিস্তানত পাতিব লাগিব৷ দিছপুৰত কেবিনেট পাতি মাদ্রাছা খোলাৰ সিদ্ধান্ত ল’ব পৰা মানুহ এতিয়াও জন্ম হোৱা নাই আৰু সাহস আৰু ধৃষ্টতাও কাৰো নাই৷ দেহত শেষ বিন্দু তেজ থকালৈকে আজমলে মাদ্রাছা খুলিব নোৱাৰে। মন্ত্রী শর্মাই লগতে কয় যে আজমলে আহোম, মৰাণ, মটক, চুতীয়া, চাহ জনগোষ্ঠী, কোঁচ ৰাজবংশীসকলৰ শাৰীতে ৰাখিব খুজিছে মিঞা বা মাদ্রাছাক, আৰু সেয়া হ’বলৈ দিয়া নহ’ব।
তেওঁ যথেষ্ট উষ্মাৰে কয়, একেখন কেবিনেটত ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰা, মিঞা ভাষা, মিঞা মিউজিয়াম, মাদ্রাছা খোলাৰ সিদ্ধান্ত লৈ সকলোকে সমান কৰিব বিচাৰিছে আজমলে৷ তেওঁৰ ধাৰণাটো ভুল আৰু তেওঁ নাজানে যে ৰাজ্য চৰকাৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সিদ্ধান্ত গ্রহণ কৰিব নোৱাৰে৷ অসমীয়া মানুহৰ দেহত শেষবিন্দু তেজ থকালৈকে দিছপুৰত কেবিনেট পাতি মাদ্রাছা খোলাৰ সিদ্ধান্ত ল’ব নোৱাৰে৷