হোজাই – আজমল ফাউণ্ডেচনৰ বিৰুদ্ধে সৰৱ হোৱাৰ পূৰ্বে প্ৰথমে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক গ্ৰেপ্তাৰ কৰিব লাগে। কেন্দ্ৰ চৰকাৰ, কেন্দ্ৰ চৰকাৰৰ গৃহ বিভাগৰ মন্ত্ৰী অমিত শ্বাহ, ৰাজ্যৰ চৰকাৰৰ চোৰাংচোৱা কি কৰি আছে বুলি প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্ত গৰাকীৰ। চৰকাৰৰ আশীৰ্বাদত শাসকীয় দলৰ একাংশ বিধায়কে সাম্প্ৰদায়িক মন্তব্য দি আছে।
ধুবুৰীৰ সাংসদ তথা এআইইউএফ দলৰ প্ৰধান বদৰুদ্দিন আজমলৰ ‘আজমল ফাউণ্ডেচন’লৈ কিছুমান বিতৰ্কিত সংগঠনৰ পৰা ধন আহে বুলি কিছুদিন পূৰ্বে এক অভিযোগ উত্থাপন হৈছল। এই অভিযোগ বদৰুদ্দিন আজমল তথা ‘আজমল ফাউণ্ডেচন’ৰ বিৰুদ্ধে গোচৰো ৰুজু কৰা হৈছে। এই অভিযোগ সন্দৰ্ভত এক সংবাদ মেল অনুষ্ঠিত কৰি নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ‘আজমল ফাউণ্ডেচন’লৈ অহা ধনক লৈ যদি সন্দেহ আছে তেন্তে ইয়াৰ তদন্ত কৰিবলৈ চৰকাৰক আহ্বান জনাইছিল বদৰুদ্দিন আজমলে।
‘আজমল ফাউণ্ডেচন’লৈ অহা ধনকলৈ বিতৰ্ক চলি থকাৰ মাজতে এইবাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্ত নেকিবুৰ জামানে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্ত গৰাকীয়ে কয় যে ‘আজমল ফাউণ্ডেচন’ৰ ধনকলৈ অভিযোগ উঠিছে, চৰকাৰ আছে, চৰকাৰৰ গৃহ বিভাগ আছে, ইয়াৰ তদন্ত কৰাৰ দায়িত্ব তেওঁলোকৰ। বদৰুদ্দিন আজমলৰ ওপৰত অভিযোগ উঠাৰ পূৰ্বে অভিযোগ উঠিব লাগিব অমিত শ্বাহৰ ওপৰত, গ্ৰেপ্তাৰ তেওঁক কৰিব লাগে।
ইফালে বিভিন্ন সময়ত সাম্প্ৰদায়িক মন্তব্য প্ৰকাশ কৰি বিতৰ্কৰ সৃষ্টি কৰা হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা আৰু হোজাইৰ বিজেপি দলৰ বিধায়ক শিলাদিত্য দেৱকলৈ নেকিবুৰ জামানে কয় যে আজান ফকীৰক জেহাদী আখ্যা দিয়া সকলৰ কোনো গুৰুত্ব নাই। শিলাদিত্য দেৱ আৰু সত্যৰঞ্জন বৰাৰ বিতৰ্কিত মন্তব্যৰ বাবে দেশত অশান্তিৰ সৃষ্টি হ’ব পাৰে।
শিলাদিত্য দেৱ আৰু সত্যৰঞ্জন বৰাৰ ওপৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰাত দেশত সাম্প্ৰদায়িকতাৰ সৃষ্টি হৈছে৷ সত্যৰঞ্জন বৰা আৰু শিলাদিত্য দেৱৰ বিৰুদ্ধে হাজাৰ হাজাৰ গোচৰ ৰুজু হৈ আছে কিন্তু আজিলৈকে তেওঁলোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। ইয়াৰ পৰা বুজিব পাৰি যে চৰকাৰৰ আশীৰ্বাদত শাসকীয় দলৰ একাংশ বিধায়কে সাম্প্ৰদায়িক মন্তব্য দি আছে।
বৃহস্পতিবাৰে হোজাইত উপস্থিত হৈ বিশিষ্ট অধিবক্তা নেকিবুৰ জামানে এইদৰে বিস্ফোৰণ ঘটাই। হোজাই হাম হস্পিটেল পৰিদৰ্শন কৰাৰ পাছতেই সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য কৰে বিশিষ্ট অধিবক্তা গৰাকীয়ে। ‘আজমল ফাউণ্ডেচনক’লৈ ৰাজনীতি কৰিব নালাগে৷ ‘আজমল ফাউণ্ডেচন’ আৰু ৰাজনীতি দুটা সম্পূৰ্ণ সুকীয়া বস্তু বুলিও মন্তব্য কৰে নেকিবুৰ জামানে।