মৰিগাওঁ– ‘বিদেশৰ পৰা অহা টকাৰে আজমল ফাউণ্ডেশ্বনে ভাৰতৰ লগতে অসমৰ বুকুত জেহাদী ফ’ৰ্চ তৈয়াৰ কৰাত খৰচ কৰিছে।’ এই মন্তব্য কৰিছে বিজেপিৰ হোজাইৰ বিধায়ক শিলাদিত্য দেবে।
মধ্য অসমৰ ৩০ নং নামবৰ লালুং সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ইন্দ্ৰ বৰদলৈৰ হৈ প্ৰচাৰ অভিযানত অংশ গ্ৰহন কৰে হোজাইৰ বিতৰ্কিত বিধায়ক শিলাদিত্য দেবে। সমাগত তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰ তুংগত উঠাৰ সময়তে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি এই বিস্ফোৰক মন্তব্য কৰিছে বিধায়ক শিলাদিত্য দেবে।
আনহাতে আজমল ফাউণ্ডেশ্বনৰ সন্দৰ্ভত সোধা এক প্ৰশ্ন সাংবাদিকৰ আগত কয়- ‘আজমল ফাউণ্ডেশ্বনে ভাৰতবৰ্ষৰ লগতে অসমৰ বুকুত জেহাদী ফ’ৰ্চ তৈয়াৰ কৰাৰ কাৰণে এইবোৰ টকা খৰচ কৰি আছে।’