গুৱাহাটী– আজাৰাত আটক ১১জন নকল আৰ্মী। আৰ্মীৰ পোছাকেৰে ৰাজপথত তহল দি আছিল লোককেইজনে। গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান কোঠৰ সমীপৰ পৰা তহলদাৰী আৰক্ষীৰ দলে আটক কৰে লোককেইজনক।
দলটোৰ পৰা উদ্ধাৰ এখন গাড়ী, ৫খন মটৰচাইকেল,ভুৱা পৰিচয় পত্ৰ।বৰ্তমান আজাৰা আৰক্ষীয়ে জেৰা কৰি আছে লোককেইজনক।
কি কাৰণত আৰ্মীৰ পোছাক পৰিধান কৰি লোককেইজনে তহল দি ফুৰিছে সেই সন্দৰ্ভত সচেতন মহলত প্ৰশ্নৰ উদ্ভৱ হৈছে।