গুৱাহাটী – সুদীৰ্ঘ সাত মাহৰ অন্তত ৰাজ্যত খুলিল শিক্ষানুষ্ঠানসমূহ। বিশ্বত্রাসী অতিমাৰী ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ বাবে বন্ধ হৈ থকা শিক্ষানুষ্ঠানসমূহ আজিৰ পৰা খোলাৰ নিৰ্দেশনা জাৰি কৰে ৰাজ্যৰ শিক্ষা বিভাগে। ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে জাৰি কৰা সকলো নিৰ্দেশনা মানি ৰাজ্যত পুনৰ আৰম্ভ হ’ল শিক্ষানুষ্ঠানসমূহ।
ষষ্ঠ শ্ৰেণীৰ পৰা আৰম্ভ হোৱা শ্ৰেণীসমূহত অভিভাৱকৰ অনুমতিক্ৰমেহে শিক্ষাৰ্থী সকলে পাঠদান কাৰ্যসূচীত অংশ ল’ব পাৰিব। ৰাজ্য চৰকাৰে সপ্তাহত বিভিন্ন পৰ্যায়ত ভাগ কৰি শ্ৰেণীসমূহ অনুষ্ঠিত কৰাৰ নিৰ্দেশনা দিছে । ষষ্ঠ, অষ্টম, দশমৰ পৰা দ্বাদশ শ্ৰেণীলৈ সোমবাৰ, বুধবাৰ, শুক্ৰবাৰ আৰু সপ্তম, নৱম আৰু একাদশ শ্ৰেণীৰ পাঠদান হ’ব মঙলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে। মহাবিদ্যালয়, অভিযান্ত্ৰিক শিক্ষা প্ৰতিষ্ঠানৰ শ্ৰেণীসমূহ ৰাজ্যৰ শিক্ষা প্ৰাধিকৰণে জাৰি কৰা নিৰ্দেশনা অনুসৰি অনুষ্ঠিত হ’ব। স্নাতক মহলাৰ শ্ৰেণীসমূহ প্ৰতি সপ্তাহত চাৰি দিনকৈ অনুষ্ঠিত হ’ব। প্ৰতিটো শ্ৰেণীত ২৫জন কৈ ছাত্ৰ -ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰিব পাৰিব ।
ছাত্র-ছাত্রীসকলক বিনামূলীয়া মাস্ক যোগানৰ প্রতিশ্রুতি চৰকাৰে দিছিল যদিও অদ্যপি মাস্ক যোগান ধৰা নাই৷ আগবেলা ৫০ শতাংশ ছাত্র-ছাত্রীৰ উপস্থিতিৰে ৮-৩০ বজাৰ পৰা শ্রেণীসমূহ চলিব৷ ছাত্র-ছাত্রীসকল পুৱা ৮ বজাত বিদ্যালয়লৈ আহিব লাগিব আৰু ১২ বজালৈ থাকিব৷
পিছবেলাৰ ছাত্র-ছাত্রীসকল ১২-৩০ বজাত উপস্থিত হ’ব৷ পিছবেলা ৩-৩০ বজালৈ পাঠদান চলিব৷ শিক্ষক-শিক্ষয়িত্রী, মধ্যাহ্ন ভোজনৰ ৰান্ধনী-সহায়িকাৰ ক’ৰোনা পৰীক্ষা বাধ্যতামূলক বুলি শিক্ষা বিভাগে নির্দেশ দিছে৷ ব্যক্তিগত খণ্ডৰ ক্ষেত্রতো ৰাজ্য চৰকাৰৰ নতুন গাইডলাইন প্রযোজ্য হ’ব৷ প্রাকপ্রাথমিকৰ পৰা পঞ্চম শ্রেণীলৈ পাঠদান ডিচেম্বৰ পর্যন্ত বন্ধ থাকিব৷ কাইলৈৰ পৰা মহাবিদ্যালয়, বিশ্ববিদ্যালয় পর্যায়তো নিয়মিত পাঠদান চলিব৷