সোণাৰি: আজিৰেপৰা তিনিদিন পাঠ গ্ৰহণৰ পৰা বঞ্চিত হব প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী। ৰাজ্যজুৰি আৰম্ভ হোৱা শ্ৰেণী বৰ্জন কাৰ্যসূচীৰ অধীনত চৰাইদেউতো শ্ৰেণী বৰ্জন কাৰ্যসূচী প্ৰাথমিক শিক্ষক সন্মিলনীৰ।
তিনিদিনলৈ শ্ৰেণী বৰ্জন কৰিব প্ৰাথমিক শিক্ষক সকলে। প্ৰধান শিক্ষকসকলক উপযুক্ত মৰ্যদা দিয়াৰ লগতে বিদ্যালয় সমূহত খালী হৈ থকা প্ৰধান শিক্ষক পদ পূৰণৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী।
১১, ১২ আৰু ১৩ ফেব্ৰুৱাৰীত শ্ৰেণী বৰ্জন কৰিব শিক্ষকসকলে।
অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বানত চৰাইদেউ জিলাৰ আটাইবোৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকে গ্ৰহণ কৰিছে এই প্ৰতিবাদ।
ইয়াৰ পাছতো যদিহে দাবী পূৰণ নকৰে তেনেহলে ২০ ফেব্ৰুৱাৰীত পুনৰ আন্দোলনৰ হুংকাৰ।