নিউজ ডেক্স: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলী ভেকচিন প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পিছতেই দেশজুৰি আৰম্ভ হৈছে এই ঐতিহাসিক যাত্ৰা।
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত শুভাৰম্ভ কৰা ভেকচিন প্ৰদান প্ৰক্ৰিয়াত ৰাজ্যখনৰ মুঠ ৭৯টা কেন্দ্ৰ জড়িত আছে।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড়ত আৰু স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জিএমচিএইচত মুকলি কৰিলে এই ভেকচিন প্ৰদান কাৰ্যসূচী।
প্ৰথম পৰ্যায়ত ১,৫৬,০০০ স্বাস্থ্যকৰ্মী তথা ফ্ৰণ্টলাইন যোদ্ধাক দিব এই ভেকচিন। এইক্ষেত্ৰত ভেকচিন দিবৰ বাবে ইতিমধ্যে ১০০গৰাকী লোকৰ তালিকা প্ৰস্তুত কৰা হৈছে।
অসমতো আৰম্ভ হৈছে ক’ভিড ভেকচিনৰ টীকাকৰণ |
স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয় যে ক’ভিড ভেকচিন একেলগে সৰহকৈ পোৱাটো সম্ভৱ নহয় বাবে ইয়াক পৰ্যায়ক্ৰমে প্ৰদান কৰাৰা ব্যৱস্থা কৰা হৈছে। সেই অনুযায়ী প্ৰথম পৰ্যায়ত ক’ভিড যোদ্ধা অৰ্থাৎ ক’ৰোনা ৰোগীৰ লগত প্ৰত্যক্ষভাৱে সম্পৰ্কিত লোকসকলক প্ৰদান কৰা হ’ব ভেকচিন। ক’ভিড যোদ্ধাৰ ভিতৰত পৰিব ডাক্তৰ, নাৰ্ছ, পেৰামেডিকেল ষ্টাফ, এম্বুলেন্স চালক, চাফাইকৰ্মী।
আনহাতে ক’ভিড যোদ্ধাৰ পিছত ফ্ৰণ্টলাইন ষ্টাফ অৰ্থাৎ আৰক্ষী তথা অৰ্ধসামৰিক বাহিনীক দ্বিতীয় পৰ্যায়ত ক’ভিড ভেকচিন দিয়া হ’ব।
তৃতীয় পৰ্যায়টো হ’ব গণ ছিটাকৰণ, ইয়াত ছিটা দিয়া হ’ব ৫০ বছৰ ওপৰৰ লোকসকলক। লগতে এই পৰ্যায়ত ৫০ বছৰতকৈ কম বয়সৰ হ’লেও ৰুগীয়া লোক যেনে ডায়েবেটিছ, প্ৰেছাৰ, কিডনীৰ সমস্যাত ভোগা ৰোগী অৰ্থাৎ co-morbid লোকৰো ছিটাকৰণ কৰা হ’ব।
অসমত মুঠ ৬৫টা কেন্দ্ৰত প্ৰথম পৰ্যায়ৰ ছিটাকৰণ আৰম্ভ কৰা হৈছে। ইয়াৰে এটা কেন্দ্ৰত ১০০গৰাকীক ছিটা দিয়া হ’ব, সেই হিচাপে এদিনত মুঠ ৬৫০০গৰাকী লোকক ছিটা প্ৰদান কৰিব পৰা যাব। প্ৰথম পৰ্যায়ত ১.৯ লাখ লোকৰ ছিটাকৰণ কৰা হ’ব। এই পৰ্যায়টো শেষ হওঁতে সময় লাগিব প্ৰায় এমাহ।