নিউজ ডেক্স:- ক’ৰোনা সৃষ্ট পৰিস্থিতিৰ পৰিপ্রেক্ষিতত যোৱা বছৰ মাৰ্চ মাহৰ পৰা বন্ধ ৰখা শ্রেণীকোঠাৰ পাঠদান আজিৰে পৰা নিয়মীয়া কৰাৰ লক্ষ্যৰে অসম চৰকাৰৰ শিক্ষা বিভাগে এক দীঘলীয়া নীতি–নির্দেশনা জাৰি কৰিছে ৷ এই নীতি–নির্দেশনাসমূহ এতিয়ালৈকে বন্ধ থকা নিম্ন প্রাথমিক বিদ্যালয়সমূহৰ পাঠদানৰ ক্ষেত্রত স্পষ্ট নির্দেশনা জাৰি কৰা হৈছে৷ সেই অনুসৰি ৫ বছৰৰ তলৰ ছাত্র–ছাত্রী শ্রেণীকোঠাত উপস্থিত থাকিব নোৱাৰিব৷ প্রথম শ্রেণীৰ পৰা পঞ্চম শ্রেণীপর্যন্তহে নিয়মীয়া পাঠদান অনুষ্ঠিত হ’ব৷ এই শ্রেণীসমূহৰ পাঠদান এদিন এৰি এদিনকৈ কৰিবলৈ নির্দেশনাটোত উল্লেখ কৰিছে ৷
চতুর্থ আৰু পঞ্চম শ্রেণীৰ পাঠদান সোম, বুধ আৰু শুকুৰবাৰে অনুষ্ঠিত কৰাৰ বিপৰীতে প্রথম, দ্বিতীয় আৰু তৃতীয় শ্রেণীৰ পাঠদান মঙলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে কৰিব পাৰিব৷ পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১.৪৫ বজালৈ শ্রেণীকোঠাৰ পাঠদান চলিব৷
প্রধান শিক্ষকে নিম্ন প্রাথমিক বিদ্যালয়ৰ পাঠদান আৰু মধ্যাহ্ণ ভোজনৰ লগতে বিদ্যালয়ত ক’ভিড–১৯ প্রট’কল সম্পর্কীয় বিষয়সমূহ নিৰীক্ষণ কৰিব৷ নিম্ন প্রাথমিক বিদ্যালয়ৰ উপস্থিতি বাধ্যতামূলক নহয় বুলি নির্দেশটোত কোৱা হৈছে৷ প্রয়োজন সাপেক্ষে অনলাইন ক্লাছো বিদ্যালয় কর্তৃপক্ষই অব্যাহত ৰাখিব পাৰিব৷ নিৰ্দেশনাটোত বিদ্যালয়সমূহত কোনো ধৰণৰ সভা, সাংস্কৃতিক অনুষ্ঠান আদি সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে৷

আনহাতে, উচ্চ প্রাথমিক, মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়ত পাঠদান পূর্বৰ নিয়ম আৰু সময় অনুসৰি অনুষ্ঠিত হ’ব৷ আৱাসিক বিদ্যালয়ৰ ক্ষেত্রত কেৱল চূড়ান্ত বর্ষৰ শিক্ষার্থীৰ বাবেহে আৱাস খোলা থাকিব৷ এই বিদ্যালয়সমূহত উপস্থিতি বাধ্যতামূলক নহয় বুলি নির্দেশনাটোত কোৱাৰ লগতে প্রয়োজন সাপেক্ষে অনলাইন ক্লাছৰ অনুমতি দিয়া হৈছে৷ মহাবিদ্যালয়, অভিযান্ত্রিক মহাবিদ্যালয়, পলিটেকনিক, বি এড কলেজ আৰু বিশ্ববিদ্যালয়ৰ ক্ষেত্রতো পূর্বৰ নিয়ম আৰু সময় অনুসৰি পাঠদান আৰম্ভ কৰিবলৈ নির্দেশ দিয়া হৈছে আৰু এই পাঠদানৰ সময়ত ক’ভিড প্রট’কল মানি চলিবলৈ কঠোৰ নির্দেশ দিয়া হৈছে৷ আনহাতে, শ্রেণীকোঠাত উপস্থিতিৰ ক্ষেত্রত অভিভাৱকৰ অনুমতি সাপেক্ষেহে শিক্ষার্থী বিদ্যালয়ত উপস্থিত থাকিব লাগিব বুলি স্পষ্ট কৰি দিয়া হৈছে৷
বিদ্যালয়ৰ মধ্যাহ্ণ ভোজনৰ ৰান্ধনীসকলৰ ক’ভিড পৰীক্ষা বাধ্যতামূলক কৰা হৈছে৷ আনহাতে, প্রতি সপ্তাহতে বিদ্যালয় তথা শিক্ষানুষ্ঠান ছেনিটাইজ কৰিবলৈ নির্দেশনাটোত কোৱা হৈছে৷ সামাজিক দূৰত্ব আৰু মাস্ক পৰিধান কৰাটো বাধ্যতামূলক বুলি নির্দেশনাটোত কোৱা হৈছে৷ আনহাতে, নিম্ন প্রাথমিক বিদ্যালয়ৰ পাঠদানৰ পূর্বে শিক্ষক–কর্মচাৰীসক্ ক’ভিড পৰীক্ষা বাধ্যতামূলক বুলি কোৱাৰ লগতে ৩০ দিনৰ অন্তৰে অন্তৰে এই পৰীক্ষা সম্পন্ন কৰাব লাগিব৷
থার্মো স্কেনাৰৰ জৰিয়তে শিক্ষার্থী আৰু শিক্ষকসকলৰ শৰীৰ উষ্ণতা পৰীক্ষা কৰিব লাগিব৷ আনহাতে, অনলাইন ক্লাছ কৰি বিচৰা শিক্ষার্থীসকলৰ বাবে শিক্ষানুষ্ঠানসমূহে এই ব্যৱস্থা কৰিব লাগিব বুলি নির্দেশনাটোত কোৱা হৈছে৷ আনহাতে, প্রাক প্রাথমিক পর্যায়ৰ পৰা বিশ্ববিদ্যালয় পর্যন্ত সকলো শিক্ষানুষ্ঠানৰ ক্ষেত্রতে ক’ভিড–১৯ প্রট’কলৰ সাধাৰণ নিয়মাৱলী প্রযোজ্য থাকিব বুলি নির্দেশনাটোত কোৱা হৈছে৷