গুৱাহাটী – প্ৰায় এটা বছৰৰ পিছত আজিৰে পৰা পুনৰ মুকলি হ’ব ৰাজ্যৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ। অৱশ্যে কলাক্ষেত্ৰ মুকলি হ’লেও সকলো ক’ভিড প্ৰ’ট’কল মানি চলা হ’ব। উল্লেখ্য যে আজি ২৩ তম প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি শ্ৰমন্ত শংকৰদেৱ কলাক্ষেত্ৰ দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হ’ব। ৰাজ্যৰ সাংস্কৃতিক বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলেৰ উপস্থিতত এক সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে।

এই সন্দৰ্ভত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ উপাধ্যক্ষ তথা বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাই কয় যে যিহেতু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰতি সকলোৰে এক হেঁপাহ থাকে গতিকে প্ৰতিটো স্থানতে সামাজিক ব্যৱধান ৰক্ষা কৰাৰ ক্ষেত্ৰত কিছু সমস্যাৰ সৃষ্টি হ’ব পাৰে। তেওঁ লগতে কয় যে সমগ্ৰ প্ৰতিষ্ঠানখনকেই সঠিকবাৱে ছেনিটাইজ কৰা হ’ব।

তেওঁ লগতে কয় যে পূৰ্বে বহুলভাৱে ব্যৱহৃত কলাক্ষেত্ৰৰ অফিচিয়েল ৱেবছাইটটোও পুনৰ সক্ৰিয় কৰি তোলা হৈছে আৰু আজি ইয়াৰ আনুষ্ঠানিকভাৱে উন্মোচন কৰা হ’ব।

ইয়াৰ উপৰিও তেওঁ কয় যে ৰাজ্যত পাচখন ক্ষুদ্ৰ কলাক্ষেত্ৰ স্থাপন কৰা হ’ব। অসমৰ কলা সংস্কৃতিৰ বিস্তাৰৰ বাবে ডিব্ৰুগড়, ডিফু, কোকৰাঝাৰ, শিলচৰ আৰু দিল্লীত এই কলাক্ষেত্ৰকেইখন স্থাপন কৰা হ’ব।

স্মৰ্তব্য যে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ বাবে গুৱাহাটীত হোৱা প্ৰতিবাদৰ সময়ছোৱাত কলাক্ষেত্ৰৰ ক্ষতিসাধন হোৱাৰ পিছৰে পৰা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সাধাৰণ দৰ্শনাৰ্থীৰ বাবে বন্ধ কৰি ৰকা হৈছিল। অৱশ্যে ইয়াৰ পূৰ্বেই কলাক্ষেত্ৰ মুকলি কৰি দিয়াৰ পৰিকল্পনা কৰা হৈছিল যদিও পুনৰ ক’ভিড১৯ ৰ বাবে বন্ধ ৰখা হৈছিল প্ৰতিষ্ঠানখন।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply