গুৱাহাটী – অসমৰ ৰে’লযাত্ৰীৰ বাবে সুখবৰ ৷ সোমবাৰৰ পৰা, অৰ্থাৎ আজিৰে পৰা ০২৫০৫ নং ৰাজধানী এক্সপ্ৰেছ ডিব্ৰুগড়ৰ পৰা বগীবিল দলং হৈ দিল্লীলৈ যাব৷
সপ্তাহত দুটা দিন ক্ৰমে সোমবাৰ আৰু শুক্ৰবাৰে ০২৫০৫ নম্বৰৰ ৰাজধানী এক্সপ্ৰেছ ৰে’লখন ডিব্ৰুগড়ৰ পৰা চলিব৷
উল্লেখ্য যে ৰাজধানী এক্সপ্ৰেছখনে সোমবাৰ আৰু শুক্ৰবাৰে উত্তৰ লক্ষিমপুৰ, ৰাঙাপাৰা হাৰমতী , নিউ মিছামাৰী, ওদালগুৰি, টংলা, ৰঙিয়া জংচন, নিউ বঙাইগাঁও, কোকৰাঝাৰ হৈ নতুন দিল্লীলৈ যাত্ৰা কৰিব৷
A new era of rail communication begins as the bi-weekly Rajdhani Express, connecting the region with New Delhi, will start its journey through Bogibeel bridge from today.
My gratitude to PM Shri @narendramodi Ji & Shri @PiyushGoyal Ji for strengthening the #NE rail network.
— Sarbananda Sonowal (@sarbanandsonwal) October 12, 2020
আজি নিশা ১০ বজাত ডিব্ৰুগড়ৰ পৰা বগীবিল হৈ যাত্ৰা কৰিব ৰাজধানী এক্সপ্ৰেছখনে। ৰাজধানী এক্সপ্ৰেছখন উত্তৰ লক্ষিমপুৰ পাবগৈ নিশা ১২.২৫ মিনিটত,সেইদৰে ৰাঙাপাৰা পাবগৈ পুৱতি নিশা ৩.৩০ মিনিটত আৰু ৰঙিয়া ষ্টেচনত উপস্থিত হ’ব পুৱা ৬.৩০ ত।
উল্লেখ্য যে নতুন দিল্লীৰ পৰা ডিব্ৰুগড়লৈও বৃহস্পতিবাৰ আৰু দেওবাৰে 02506 নম্বৰৰ ৰাজধানী এক্সপ্ৰেছখন চলাচল কৰিব। উল্লেখযোগ্য যে ডিব্ৰুগড়ৰ পৰা নতুন দিল্লীলৈ ৰাজধানী এক্সপ্ৰেছৰ যাত্ৰা কৰাৰ খবৰে উৎফুল্লিত কৰিছে অসমবাসীক৷