গুৱাহাটী: দেশজুৰি ক’ভিড ভেকচিনৰ বাবে সাজু হৈছে সকলো | অসমতো ভোগালী বিহুৰ আগতেই আহিব ক’ভিড ভেকচিন | মঙলবাৰে দেশৰ দুই স্থানলৈ প্ৰথমবাৰলৈ পঠিওৱা হয় কোভিড ভেকচিন । প্ৰথমে পুনেৰ পৰা দিল্লীলৈ পঠিওৱা হয় কোভিড ভেকচিন সমূহ । আনহাতে পুনেৰ পৰা স্পাইচজেটৰ আন এখন বিমানত গুৱাহাটী পাবহি ভেকচিনসমূহ ।
উল্লেখ্য যে অহা ১৬ জানুৱাৰীৰ পৰা দেশজুৰি আৰম্ভ হ’ব কোভিড ১৯ টীকাকৰণ অভিযান । গুৱাহাটীত সাতটা স্থানত ক’ভিড ভেকচিন দিয়া হ’বপুনেৰ পৰা বিমানৰে দেশৰ বিভিন্ন স্থানলৈ প্ৰেৰণ কৰা হৈছে ভেকচিন সমূহ ।