গুৱাহাটী– ৰাজ্য়ৰ প্ৰান্তে প্ৰান্তে উৎসৱ মুখৰ পৰিবেশ। কাৰণ আজি হ’ল ফাগুন মাহৰ প্ৰথমটো বুধবাৰ। প্ৰতি বছৰে বছৰে ফাগুন মাহৰ প্ৰথমটো বুধবাৰে অসমৰ অন্য়তম ভূমিপুত্ৰ মিচিং জনজাতীয় লোকসকলে তেওঁলোকৰ জাতীয় উৎসৱ আলি আই লৃগাং উদযাপন কৰি আহিছে।
আলি মানে শস্য়, আই মানে ফল, লৃগাং মানে বীজ সিঁচা। কৃষি নিৰ্ভৰশীল মিচিং সকলে খেতি পথাৰত বীজ সিঁচাৰ আৰম্ভনি উপলক্ষে ৰীতি- নীতি ,ৰং -আনন্দৰ মাজেৰে আলি আই লৃগাং পালন কৰি আহিছে। এই উৎসৱত মিচিংসকলে শস্য সিঁচাৰ লগতে ডেকা-গাভৰু, বুঢ়া-বুঢ়ী সকলোৱে সমূহীয়া ভোজভাত খাই নানান নৃত্য-গীত কৰে।
লোকবিশ্বাস মতে এই নৃত্য নকৰিলে ধানৰ গঁজালি ঠন ধৰি নুঠে, থোক লেৰেলি যায় বা পোক-পতংগই ক্ষতি সাধন কৰে। ল’ৰা-বুঢ়া, ডেকা-গাভৰু সকলোৱে উলহ-মালহেৰে অংশ লোৱা এই নৃত্যক ‘পাক্ছ-মনাম্’ বোলা হয়।
এই উৎসৱৰ কেইদিন মানৰ আগৰে পৰাই ঘৰৰ গৃহিনীসকলে ছাই মদ, পুৰাং আপিন প্ৰস্তুত কৰিবলৈ ব্য়ৱহাৰ হোৱা সামগ্ৰী সমূহ যোগাৰ কৰে।
আলি আয়ে লৃগাঙৰ দিনা ঘৰে ঘৰে পুৰাং, আপং আদিৰ লগতে শুকান মাছৰ চাটনি, মাছৰ আঞ্জা, গাহৰি মাংসৰ তৰকাৰী আদি প্ৰস্তুত কৰে। পুৱাতে গাঁৱৰ জীয়াৰী-বোৱাৰীহঁতে তিয়াই ৰখা বৰা চাউল তৰাপাতেৰে টোপোলা বান্ধি ‘পুৰাং’ আপিন সিজায়।
মহানগৰীৰ যান্ত্ৰিকতাৰ মাজতো জাপৰিগোগৰ কৃষ্ণ নগৰত মিচিংসকলে উদযাপন কৰিলে আলি আয়ে লৃগাং। নিজৰ কলা-সংস্কৃতিক বৰ্তমান প্ৰজন্মক চিনাকি কৰাই দিয়াৰ লগতে এই উৎসৱ জীয়াই ৰখাৰ উদ্দেশ্য় এইদৰে মিচিংসকলে উদযাপন কৰি আহিছে কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং।
এই উৎসৱৰ পৰম্পৰাগত খাদ্য় পুৰাং আপিন, ছাই মদ, পোৰা গাহৰি, শুকান মাছৰ জুতি লৈ গুমৰাগ নাচিলে ডেকা-গাভৰু,আবাল,বৃদ্ধা-বনিতাই।
একেই উলাহ দেখা গ’ল তেজপুৰতো। তেজপুৰৰ বৃহত্তৰ মিচিং সমাজে তেজপুৰ নপামত থকা মুৰং ঘৰৰ চৌহদত পালন কৰে আলি আঃয়ে লৃগাং ।তেজপুৰ মিচিং কেবাঙৰ সভাপতি দিনেন কুমাৰ পেগুয়ে পতাকা উত্তোলন কৰাৰ পিছত মিচিং লোক সকলে তেওঁলোকক কৃষি কৰ্মৰ আৰম্ভ কৰে ভূপেন পেগুয়ে।
এইদৰে ঐনিতমৰ সুৰেৰে গুমৰাগ নৃত্য়ৰ ছন্দৰে মুখৰিত হৈ পৰিল অসমৰ প্ৰান্তে প্ৰান্তে। মিচিং লোকসকলে বিভিন্ন কাৰ্যসূচীৰ মাজেৰেই ৰং-আনন্দৰে আজি দিনটোত উদযাপন কৰিলে তেওঁলোকৰ হেপাহৰ জাতীয় উৎসৱটি।