নিউজ ডেস্ক: আছুৱে মাতৃভাষা বিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ দাবীত অহা ২৮ মে’ৰ পৰা মাহজোৰা আন্দোলন ঘোষণা কৰিছিল। আন্দোলনৰ কাৰ্যসূচী অনুসৰি আজি সদৌ অসম ছাত্ৰ সন্থাই গুৱাহাটীত গণসত্যাগ্ৰহৰ কাৰ্যসুচীৰে প্ৰতিবাদ সাব্যস্ত কৰিছে।

গুৱাহাটীৰ চান্দমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত এই কাৰ্যসুচী সাব্যস্ত কৰিছে দৌ অসম ছাত্ৰ সন্থাই। আজি দিনৰ ১১ বজাৰ পৰা এই প্ৰতিবাদী কাৰ্যসুচী গ্ৰহন কৰা হৈছে। অসম চৰকাৰৰ আঁকোৰগোজ স্থিতিৰ বাবেই ছাত্র সন্থাই এই আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে।

ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই আজি দিনৰ ১১ বজাৰ পৰা আৰম্ভ হোৱা গণ সত্যাগ্ৰহৰ কাৰ্যসূচীত সকলোকে আমন্ত্রণ জনাই। লগতে তেওঁলোকে কয়, অসমত অসমীয়া ভাষা মাধ্যম, বড়ো ভাষা মাধ্যম, আৰু সকলো জনগোষ্ঠীয় ভাষা, মাধ্যমৰ স্বাৰ্থ সুৰক্ষিত হ’বই লাগিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply