নিউড ডেস্ক: সোমবাৰে অসম আৰু পশ্চিমবংগ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। ধেমাজিৰ চিলাপথাৰৰ কলাজানৰ চিতলমাৰী হ’ব লগা এক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে | এই অনুষ্ঠানতে তেল তথা গেছখণ্ডৰ গুৰুত্বপূৰ্ণ প্ৰকল্পসমূহ ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব। লগতে অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ উদ্বোধন আৰু শিলান্যাস কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।
ধেমাজি জিলাৰ কুলাজানৰ বগীবিল পথৰ পিয়াং চিতলমাৰীৰ পথাৰত প্রধানমন্ত্রী নৰেন্দ্র মোদী ১১.৩০ বজাত উপস্থিত হোৱাৰ কথা ৷ অসমলৈ অহাৰ পূৰ্বে দেওবাৰে অসমীয়াতে টুইট লিখি অসমলৈ অহাৰ বাৰ্তা প্ৰেৰণ কৰিলে প্ৰধানমন্ত্ৰীয়ে। চিলাপথাৰত অনুষ্ঠিত কাৰ্যসূচীৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে লিখে যে, “অসমলৈ অহাটো সদায়েই এক বিশেষ অনুভৱ। কাইলৈ, ২২ ফেব্ৰুৱাৰীত ধেমাজিৰ এক ৰাজহুৱা সভাত মই পুনৰ এবাৰ ইয়াৰ জনসাধাৰণৰ সৈতে মত- বিনিময় কৰাৰ সুযোগ পাম। এই অনুষ্ঠানত বিভিন্ন উন্নয়নমূলক কাৰ্যৰ শুভাৰম্ভ কৰা হ’ব।”
উল্লেখ্য যে, সোমবাৰে হ’বলগীয়া কাৰ্যসূচীত প্ৰধানমন্ত্ৰীগৰাকীয়ে ইণ্ডিয়ান অইলৰ বঙাইগাঁও শোধনাগাৰত INDMAX ইউনিট, ডিব্ৰুগড়ৰ মধূবনত অইল ইণ্ডিয়া লিমিটেডৰ ছেকেণ্ডেৰী টেংক ফাৰ্ম আৰু তিনিচুকীয়াৰ মাকুমৰ হেবেৰাগাঁৱত গেছ কমপ্ৰেছৰ ষ্টেচন ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব।
তদুপৰি, ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয় উদ্বোধন কৰাৰ লগতে শুৱালকুছি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ শিলান্যাস কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে। এই কাৰ্যসূচীত অসমৰ ৰাজ্যপাল জগদীশ মুখী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছদপ্তৰৰ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব।