নিউজ ডেস্ক– এদিনীয়া ভ্ৰমণসূচীৰে পুনৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷ বুধবাৰে নিশা গুৱাহাটীত উপস্থিত হৈ বৃহস্পতিবাৰে চিৰাঙলৈ ৰাওনা হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। গৃহমন্ত্ৰীগৰাকীৰ আগমনৰ বাবে আমিনগাঁৱত কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে।
অৱশ্যে, অমিত শ্বাহৰ এই ভ্ৰমণৰ উদ্দেশ্য সুকীয়া। গৃহমন্ত্ৰীগৰাকীয়ে কোনো ৰাজনৈতিক সভাত অংশ ল’বৰ বাবে নহয়, চিৰাং জিলাৰ এগৰাকী বিশেষ ব্যক্তিৰ ঘৰলৈ অতিথি হৈহে আহিব। চিৰাঙত গ্ৰেটাৰ কোচবিহাৰ এছ’চিয়েচনৰ নেতা অনন্ত ৰায়ক সাক্ষাৎ কৰিব শ্বাহে।
এই ভ্ৰমণত অমিত শ্বাহক সংগ দিব ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে ইয়াৰ পূৰ্বে ২৪ ডিচেম্বৰত তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছিল কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী।
কোচবিহাৰৰ কোচ ৰজাৰ বংশধৰ বুলি দাবী কৰা অন্ত ৰায় ওৰফে অনন্ত মহাৰাজৰ সৈতে তৃণমূল কংগ্ৰেছ দলৰ সংঘাতৰ বাবে দীৰ্ঘ দিন ধৰি অসমতে বাহৰ পাতি আছে | কোচবিহাৰত থকা ৰাজবংশী জনগোষ্ঠীটোৰ সৈতে বিশেষ প্ৰভাব থকা অনন্ত মহাৰাজক আগন্তুক পশ্চিমবংগ নিৰ্বাচনত বিজেপিৰ সৈতে সহযোগীতাৰ বাবেই গৃহ মন্ত্ৰী জনৰ এই ভ্ৰমণ বুলি প্ৰকাশ।