গুৱাহাটী – আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪৫ সংখ্যাক ৰাষ্ট্ৰপতি নিৰ্বাচন। ভোটদানলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী। ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ডেম’ক্ৰেটিক প্ৰতিদ্বন্দী জ’ বাইডেনৰ মাজত হ’ব এই নিৰ্বাচনী যুঁজ। নিৰ্বাচনৰ ভোটিং ভাৰতীয় সময়মতে আবেলি ৩ বাজি ৩০ মিনিটত আৰম্ভ হৈ কাইলৈ পুৱা ভাৰতীয় সময়মতে চাৰে ছয় বজাত সমাপ্ত হ’ব।
আমেৰিকাত ভোটদানত প্ৰতিখন ৰাজ্যই গণনা কৰে আৰু ভোটদান শেষ হোৱাৰ পিছত নিজৰ নিজৰ পৰিণাম ঘোষণা কৰে।
আমেৰিকাৰ নিৰ্বাচন ২০২০ৰ তাৰিখ আৰু সময়
আমেৰিকাত বেছিভাগ ৰাজ্যত পুৱা ৬ বজাত (ভাৰতীয় সময় মতে ৩বাজি ৩০মিনিটত) ভোটগ্ৰহণ আৰম্ভ কৰিব লাগিব। অৱশ্যে ভোটদান আৰম্ভ কৰিবলগীয়া প্ৰথমখন ৰাজ্যই পুৱা ৫ বজাত (ভাৰতীয় সময়মতে ২ বাজি ৩০ মিনিটত) ভোটগ্ৰহণ কৰিব।
আনফালে নিউয়ৰ্ক আৰু নৰ্থ ডক’টাত নিশা ৯বজালৈকে ( ভাৰতীয় সময়মতে কাইলৈ পুৱা চাৰে ছয় বজালৈকে) ভোটগ্ৰহণ প্ৰক্ৰিয়া চলিব। আমেৰিকাত সকলোতকৈ আগত ৭বজাত অৰ্থাৎ ভাৰতীয় সময়মতে কাইলৈ পুৱা চাৰে চাৰি বজাত ভোটগ্ৰহণ বন্ধ হ’ব।এই নিৰ্বাচনৰ খবৰ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ যেনে-বিবিচি ,চি এন এন ,আল জাজিৰা আদিত সম্প্ৰচাৰ কৰা হ’ব । গতিকে নিৰ্বাচনৰ ফলাফল কাইলৈ পুৱা ৬বজাৰ পিছত সন্মুখলৈ অহা আৰম্ভ হ’ব।
গতিকে আমেৰিকাৰ পৰৱৰ্তী ৰাষ্ট্ৰপতিৰ পদত জয়ী কোন হ’ব সেয়ে অপেক্ষাৰত সমগ্ৰ বিশ্ববাসী।