৩টা বৃহৎ উদ্যোগক ৰাষ্ট্রৰ নামত উৎসর্গা কৰিব প্ৰধানমন্ত্ৰীয়ে Credit: টুইটাৰ

নিউজ ডেস্ক: ধেমাজীৰ চিলাপথাৰত হ’ব লগা সভাতেই প্ৰধানমন্ত্ৰীয়ে তিনিটাকৈ বৃহৎ উদ্যোগ ৰাষ্ট্ৰৰ নামত উৎসগা কৰিব |

অইল ইণ্ডিয়া লিমিটেডৰ ইতিহাসত এক যুগান্তকাৰী সংযোজনেৰে এই তিনিটাকৈ বৃহৎ উদ্যোগ ৰাষ্ট্রৰ বাবে উৎসর্গিত কৰিব দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷

মঙলবাৰে ইণ্ডিয়ান অইলৰ বঙাইগাঁও শোধনাগাৰত আই এন ডি এম এ এক্স ইউনিট, ডিব্রুগডৰ মধুবনত ভাৰতীয় তৈল নিগম (অইল)ৰ ছেকেণ্ডাৰী টেংক ফার্ম আৰু তিনিচুকীয়াৰ মাকুমৰ হেবেদা গাঁৱত গেছ কম্প্রেছৰ ষ্টেচন স্থাপন কৰিব প্রধানমন্ত্রী মোদীয়ে৷

প্রধানমন্ত্রী মোদীয়ে ৰাষ্ট্রৰ বাবে উৎসর্গা কৰিব লগা প্রকল্পকেইটাই স্থানীয় নিয়োগৰ ক্ষেত্রতো যথেষ্ট প্রভাৱ পেলাব বুলি ইণ্ডিয়ান অইল তথা এ অ’ ডিৰ ৰাজ্যিক মুখ্য কার্যবাহী সঞ্চালক জি ৰমেশে মন্তব্য কৰিছে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply