নিউজ ডেস্ক– সমগ্ৰ দেশৰ লগতে আজি অসমতো ৰাজ্যজুৰি উদযাপন কৰা হয় ৭২ সংখ্যক গণৰাজ্য দিৱস। মহানগৰীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্য়ালয় খেলপথাৰত কেন্দ্ৰীয় ভাবে উদযাপন হৈছে গণৰাজ্য দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী। ৰাজ্যপাল জগদীশ মূখীয়ে উত্তোলন কৰে গণৰাজ্য দিৱসৰ পতাকা। অনুষ্ঠানত উপস্থিত থাকে মুখ্য়মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

নগাৱৰ গণৰাজ্য দিৱসত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

নগাঁৱত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিলে ৰাজ্যৰ স্বাস্থ্য়, বিত্ত, শিক্ষামন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰীগৰাকীয়ে গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰি গণৰাজ্য দিৱসৰ পেৰেডৰ অভিবাদন গ্ৰহণ কৰে। গণৰাজ্য দিৱসৰ উপলক্ষে ৰখা বক্তব্যত মন্ত্ৰী গৰাকীয়ে ভাৰত নিৰ্মাণৰ মনিষীসকলক স্মৰণ কৰি ৰাজ্যখনৰ সামগ্ৰিক উন্নয়ণৰ খতিয়ান দাঙি ধৰে।

সাতগাৱৰ লাইফলাইনত মুখ্যমন্ত্ৰী

গণৰাজ্য দিৱসত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিশেষ কাৰ্যসূচী। সাতগাঁৱৰ লাইফলাইন কেয়াৰ হোম, স্বধাৰ গৃহ পৰিদৰ্শন কৰি ফল-মূল, মিঠাই বিতৰণ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

নাজিৰাত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে মহকুমাধিপতি লখিমী দত্তই

নাজিৰাতো ৭২ সংখ্যাক গণৰাজ্য দিৱস পালন কৰা হয়। নাজিৰা প্ৰশাসন উদ্যোগত নাজিৰা ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হোৱা গণৰাজ্য দিৱসৰ কাৰ্য্যসূচী পতাকা উত্তোলন কৰে নাজিৰা মহকুমাধিপতি লখিমী দত্তই।

গোলাঘাটত গণৰাজ্য দিৱস

গোলাঘাটত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে মন্ত্ৰী চন্দন ব্ৰহ্ম‌ই । গোলাঘাট সমন্নয় পথাৰত এই গণৰাজ্য দিৱসৰ আয়োজন কৰা হয়।

আমগুৰিত ৭২ সংখ্যক গণতন্ত্ৰ দিৱস উদযাপন

শিৱসাগৰ জিলাৰ আমগুৰিতো ৭২ সংখ্যক গণতন্ত্ৰ দিৱস উদযাপন কৰা হয়। কভিড প্ৰট’কল মানি সীমিত সংখ্যক ৰাইজৰ উপস্থিতিত অনুষ্ঠূপীয়াকৈ আমগুৰি স্থানীয় প্ৰশাসনে আয়োজন কৰা অনুষ্ঠানটিৰ আঁত ধৰে জেষ্ঠ সাংবাদিক আব্দুল গফুৰ আহমদে। জাতীয় পতাকা উত্তোলন কৰে ৰাজহ চক্ৰ বিষয়া ঋতুৰাজ বৰদলৈয়ে। অনুষ্ঠানত খণ্ড উন্নয়ন বিষয়া তাপশ্ৰী দেৱনাথ, আমগুৰি বিদ্যুৎ উপ সংমণ্ডল বিষয়া অৰুণ কোঁৱৰ ,আমগুৰি আৰক্ষী থানাৰ পৰিদৰ্শক ভাৰপ্ৰাপ্ত বিষয়া বীৰেন চন্দ্ৰ বৰুৱা , আউনিআটিয় হেমচন্দ্ৰ দেৱ উচ্চতৰ ,মাধ্যমিক বিদ্যালয়ৰ শাৰিৰীক নিৰ্দেশক দেবেশ্বৰ বড়া আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

কোকৰাঝাৰত গণৰাজ্য দিৱস

কোকৰাঝাৰত গণৰাজ্য দিৱসৰ অনুষ্ঠানত বিটিচি প্ৰধান প্ৰমোদ বড়োই পতাকা উত্তোলণ কৰে। এই অনুষ্ঠানতে বিটিআৰত নতুনকৈ ৮খন চহৰৰ ঘোষণা কৰে। বাক্সা জিলাৰ তামুলপুৰ, মুছলপুৰ আৰু বৰমাক চহৰ হিচাপে ঘোষণা। ওদালগুৰি জিলাৰ মাজবাট, কলাইগাঁও আৰু খৈৰাবাৰী। লগতে কোকৰাঝাৰ জিলাৰ ভাওৰাগুৰি আৰু দতমাক চহৰ হিচাপে ঘোষণা।

মোনাবাৰী চাহ বাগিচাৰ পুৰণা লাইন খেলপথাৰত অনুষ্ঠিত ৭২ তম গনতন্ত্ৰ দিৱস

বিশ্বনাথৰ মোনাবাৰী চাহ বাগিচাৰ পুৰণা লাইন খেলপথাৰত অনুষ্ঠিত কৰা হ’ল ৭২ তম গনতন্ত্ৰ দিৱস উপলক্ষে বিভিন্ন খেল ধেমালি অনুষ্ঠান। মোনাবাৰি স্পৰ্টচ ক্লাবৰ উদ্যোগত অনুষ্ঠিত কৰা এই অনুষ্ঠানত পতাকা উত্তোলন কৰে অখিল ভাৰতীয় যুৱ সংঘৰ ৰাজ্যিক সভাপতি ৰুগেশ্বৰ খাণ্ডুৱালে। এই খেল ধেমালি অনুষ্ঠানত বিভিন্ন দলৰ মাজত ক্ৰিকেট প্ৰতিযোগিতা, ভলী বল প্ৰতিযোগিতা, যুৱতী সকলৰ বাবে কাবাদী প্ৰতিযোগীতাৰো অনুষ্ঠিত কৰা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply