গোলাঘাটত আটছাৰ প্ৰতিবাদ

গোলাঘাট– সমগ্ৰ ৰাজ্যখনৰ লগতে গোলাঘাটতো চাহ জনগোষ্ঠীয় লোকসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ দাবীত চাহ জনজাতি ছাত্র সন্থা,গোলাঘাট জিলা সমিতিয়ে প্ৰতিবাদ সাব্য়স্ত কৰে।

গোলাঘাটৰ অসম চাহ মজদুৰ সংঘৰ কাৰ্যালয়ৰ সমীপৰ পৰা এক প্ৰতিবাদী সমদল বাহিৰ কৰি গোলাঘাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সমীপত ২ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে।

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে নানা প্ৰকাৰে চাহ জনগোষ্ঠীয় লোকসকলক কৰি অহা প্ৰতাৰণাৰ বিৰোধিতাৰে এই সমদল বাহিৰ কৰি অনতিপলমে চাহ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰালৈকে ২০২১ ৰ নিৰ্বাচনত চৰকাখনক উফৰাই পেলোৱাৰ সকীয়নি প্ৰদান কৰে সংগঠনটোৱে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply