আধাৰশিলা স্থাপনত মুখ্যমন্ত্ৰীক বাধা দিলে বন বিভাগে Credit: দীপৰ বিলত আধাৰশিলা স্থাপনত মুখ্যমন্ত্ৰীক বাধা দিলে বন বিভাগে

গুৱাহাটী – দীপৰ বিলত আধাৰশিলা স্থাপনত মুখ্যমন্ত্ৰীক বাধা দিলে বন বিভাগে। অসম পৰ্যটন নিগমে গ্ৰহণ কৰা আঁচনিৰ অধীনত মুখ্যমন্ত্ৰীয়ে দীপৰ বিলত এক আধাৰশিলা স্থাপন কৰাৰ কথা আছিল মঙলাবাৰে। বন বিভাগে দীপৰ বিলত আধাৰশিলা স্থাপন কৰিব নোৱাৰিব বুলি পৰ্যটন বিভাগক অৱগত কৰাত আধাৰশিলা স্থাপন নকৰিলে মুখ্যমন্ত্ৰীয়ে।

মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে মঙলাবাৰে ৰাজ্য চৰকাৰৰ পর্যটন বিভাগে দীপৰ বিলত আয়োজন কৰা এক অনুষ্ঠানৰ জৰিয়তে পর্যটন বিভাগৰ দ্বাৰা ৰূপায়ণ কৰা ‘আমাৰ আলহী’ আঁচনিৰ অধীনত ৩৪ গৰাকী হিতাধিকাৰীলৈ অনুমোদন পত্র প্রদান কৰাৰ উপৰি অসম বিকাশ যোজনাৰ ‘পর্যটন সাৰথি’ আঁচনিৰ অধীনত পর্যটনৰ লগত জডিত হিতাধিকাৰীলৈ ইলেক্ট্রনিক গেজেট আনুষ্ঠানিকভাৱে প্রদান কৰে৷ এই অনুষ্ঠানতে মুখ্যমন্ত্রীয়ে দীপৰ বিলৰ কাউণ্ড্রী ব’ট সেৱাৰ শুভাৰম্ভ কৰে৷

উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে অসম পৰ্যটন নিগমৰ অধীনত দীপৰ বিলৰ সৌন্দৰ্যবৰ্দ্ধনৰ বাবে ১০ কোটি টকীয়া এক আঁচনিৰ আধাৰশিলা স্থাপন কৰাৰ কথা আছিল যদিও বন বিভাগে পৰ্যটন বিভাগকক ২০০৬ চনৰ পৰিৱেশ সংবেদনশীল অঞ্চল আইনৰ অধীনত দীপৰ বিলত আধাৰশিলা স্থাপন কৰিব নোৱাৰিব বুলি অৱগত কৰাৰ পিছত মুখ্যমন্ত্ৰীয়ে আধাৰশিলা স্থাপন নকৰিলে।

মুখ্যমন্ত্ৰীয়ে অসম পৰ্যটন নিগমৰ অধীনত ‘আমাৰ আলহী’ আৰু ‘পৰ্যটন সাৰথি’ আঁচনিৰ অধীনত হিতাধিকাৰীসকলক বিতৰণ কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে কয় যে প্রকৃতি আৰু জৈৱ বৈচিত্র্যৰ হটস্পটস্বৰূপ অসমৰ পর্যটন ক্ষেত্রৰ যথেষ্ট সম্ভাৱনীয়তা আছে৷ সেয়েহে এই খণ্ডই বহন কৰা সম্ভাৱনীয়তাৰ সর্বোচ্চ বিকাশৰ দিশত আমি আধুনিক ধ্যান ধাৰণাৰে আগবাঢ়িব লাগিব৷ বিশ্বৰ ৭০০ কোটি জনতাক আকৃষ্ট কৰাৰ বাবে অসমৰ পর্যটন থলীসমূহো বিনষ্ট নকৰাকৈ আধুনিক ধ্যান ধাৰণাৰে বিকশাই তুলিব লাগিব।

অনুষ্ঠানত অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতা, অসম বিত্ত নিগমৰ অধ্যক্ষ বিজয় গুপ্তা, গুৱাহাটী মহানগৰ উন্নয়ন প্রাধিকৰণৰ উপাধ্যক্ষ মুকুতা ডেকা, অসম পর্যটন উন্নয়ন নিগমৰ উপাধ্যক্ষ নৱদ্বীপ কলিতা, প্রধান মুখ্য বন সংৰক্ষক আৰু বন বাহিনীৰ মুৰব্বী এম কে যাদৱ, পর্যটন বিভাগৰ সচিব ৰাজভি হুছেইনকে ধৰি উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply