নিউজ ডেস্ক– তামিলনাডুত অনুষ্ঠিত হোৱা ”গল্ডেন স্পেৰো ইন্টাৰনেচনেল চলচ্চিত্ৰ মহোৎসৱ ২০২১” মহোৎসৱত বড়ো চলচ্চিত্ৰৰ সাফল্য। অসম সন্তান ভিশাল পি চলিহাৰ পৰিচালনা আৰু ৰচনাত নিৰ্মিত বড়ো চলচ্চিত্ৰ ”ছিজৌৱে” চাৰিটাকৈ আন্তঃৰাষ্ট্ৰীয় বঁটা বুটলিবলৈ সক্ষম হয়। ছবিখনে ভাৰতীয় ফিচাৰ ফিল্ম কেটগৰীত বিচাৰকৰ বিশেষ বঁটা লাভ কৰাৰ উপৰিও শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰে ভিশাল পি চলিহাই। শ্ৰেষ্ঠ নতুন ছবি নিৰ্মাতা বঁটা আৰু ভাৰতীয় ফিচাৰ ফিল্ম শিতানত শ্ৰেষ্ঠ স্ক্ৰীন প্লে লেখক বঁটাও লাভ কৰে।
এই চিনেমাখনত ছিজৌ নামৰ এটা অতি তীখৰ বুদ্ধিসম্পন্ন ল’ৰাৰ কাহিনী অৱতাৰণা কৰা হৈছে। যি ভাৰত-ভূটান সীমান্তৰ নিকটৱৰ্তী ছৈখোংগুৰি গাঁৱত বাস কৰে আৰু লগৰীয়াৰ সৈতে অতি অদ্ভুট কামবোৰ কৰি সময় কটায়।
এই বছৰৰ শেষৰ ফালে এই চিনেমাখনে মুক্তি লাভ কৰিব বুলি জানিব পৰা গৈছে। ”ছিজৌ” নামৰ এই ছবিখন ”চিনেমাই” নামৰ বিশ্বৰ সৰ্ববৃহৎ টেলিভিছন নেটৱৰ্ক আৰু আমেৰিকাৰ চৰকাৰী টেলিভিছন গোটটোৱে আমেৰিকাত ছবিখন প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ সন্মতি গ্ৰহণ কৰিছে বুলি পৰিচালকে জানিবলৈ দিছে।
উল্লেখ্য় যে এই চলচ্চিত্ৰ মহোৎসৱত এনেদৰে চাৰিটাকৈ বঁটৈ লাভ আঁজুৰি অনা ”ছিজৌ”ৱেই হ’ল উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ ছবি।