গুৱাহাটী – আন্দোলন কৰি গঠন হোৱা ৰাজনৈতিক দলে বিজেপিৰ এটা ভোটৰো ক্ষতি কৰিব নোৱাৰে। বিজেপি সাগৰৰ পানীৰ দৰে, ৭০টা সংগঠনৰ দল সাগৰৰ ঢৌৰ দৰে। সাগৰৰ ঢৌৱে কোনো ক্ষতি কৰিব নোৱাৰে বিজেপি দলক।’’ – ক’লে ৰণজিত দাসে।

‘‘বিজেপি সাগৰৰ পানীৰ দৰে, ৭০টা সংগঠনৰ দল সাগৰৰ ঢৌৰ দৰে। সাগৰৰ ঢৌৱে কোনো ক্ষতি কৰিব নোৱাৰে বিজেপি দলক।’’ – ক’লে ৰণজিত দাসে।

ৰাজ্যত নতুনকৈ গঠন হোৱা ৰাজনৈতিক দলক কটাক্ষ কৰি কালি ৰঙিয়াত বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিত কুমাৰ দাসে কয় যে আন্দোলন কৰি গঠন কৰা ৭০টা সংগঠনে বিজেপিৰ এটা ভোটৰো ক্ষতি কৰিব নোৱাৰে।

নতুন ৰাজনৈতিক দলক কটাক্ষ কৰি সভাপতি ৰঞ্জিত দাসে কয় যে অসমত বিজেপিয়েহে জাতীয়তাবাদৰ কাম কৰিছে। সত্ৰৰ ভূমি বেদখলমুক্ত, ভূমিপুত্ৰক ভূমিৰ পট্টা দিয়া আদিকে ধৰি জাতি–মাটি–ভেটিৰ হকে কাম কৰিছে বিজেপিয়ে। বিজেপি দলৰ ৪২ লাখ কৰ্মকৰ্তা আছে, ২৮ হাজাৰটা সংগঠন আছে। আন্দোলন কৰি গঠন কৰা মাত্ৰ ৭০টা সংগঠনে এটা ভোটৰো ক্ষতি কৰিব নোৱাৰে বিজেপিৰ।

বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে লগতে কয় যে কৃষক মুক্তিৰ কৰ্মকৰ্তাই কোনোদিনে কৃষকৰ সমস্যাৰ বুজ নলয়। বিজেপিয়েহে কৃষকৰ সুখ-দুখৰ সমভাগী হৈ আহিছে। বিজেপিৰ লাখ লাখ কৰ্মীয়ে কৃষকৰ ঘৰে ঘৰে গৈ সম্পৰ্ক স্থাপন কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply