গুৱাহাটী- এতিয়াৰ পৰা দুচকীয়া বাহনত চালকৰ উপৰিও বাহনত উঠা আৰোহীয়েও পৰিধান কৰিব লাগিব হেলমেট। অন্য়থা বাতিল কৰা হ’ব আপোনাৰ অনুজ্ঞাপত্ৰ। এই নতুন নিৰ্দেশনা জাৰি কৰিছে কামৰূপ জিলা পৰিবহন বিভাগে ।
নিৰ্দেশনা অনুসৰি হেলমেট পৰিধান নকৰোৱাকৈ আৰোহী কঢ়িয়াই অনা বাইক চালকৰ অনুজ্ঞাপত্ৰ বাতিল কৰাৰ লগতে জৰিমনা বিহা হ’ব। চাৰিচকীয়াৰ আৰোহীয়ে ছীট বেল্ট পৰিধান কৰা, সুৰাপান কৰি গাড়ী নচলোৱাৰ,নিৰ্দেশনা জাৰি কৰা হৈছে। যদি কোনোৱে এই নিৰ্দেশনা মানি নচলে তেতিয়া পৰিবহণ বিভাগে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। এই মন্তব্য় কৰে কামৰূপ (মহানগৰ) জিলা পৰিবহণ বিভাগৰ বিষয়া গৌতম দাসে।
আনহাতে মহানগৰীত চলাচল কৰা সকলো চিটীবাছৰ মালিকে ৩১ ডিচেম্বৰৰ ভিতৰত আদায় দিব লাগিব পথ কৰ।
সুুৰক্ষিত হৈ যান -বাহন চলোৱাৰ ক্ষেত্ৰত সজাগতা অনাৰ উদ্দ্য়েশ্য় কামৰূপ জিলা পৰিবহন বিভাগে লৈছে এই পদক্ষেপ।