আফিং খেতিৰ পথাৰত পৰিণত চৰাঞ্চলৰ খেতি পথাৰ

বৰপেটা – আফিং খেতিৰ পথাৰত পৰিণত হৈছে চৰাঞ্চলৰ পথাৰ। বৰপেটা জিলা চৰাঞ্চলৰ বিঘাই বিঘাই খেতি পথাৰত নিষিদ্ধ আফিং খেতি। একাংশ অসাধু ব্যৱসায়ীয়ে অবাধে চৰাঞ্চলৰ পথাৰ সমূহ ব্যৱহাৰ কৰিছে আফিং খেতিৰ বাবে।

বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত চৰ-চাপৰিত বিঘাই বিঘাই খেতি পথাৰত আফিং খেতি। একাংশ লোকে স্থানীয় খেতিয়কৰ পৰা খেতিৰ ভূমি ফুল খেতি কৰাৰ বাবে ঠিকাত লৈ এই ভূমিত কৰিছে আফিংৰ খেতি। চৰাঞ্চলৰ সাধাৰণ খেতিয়কৰ চকুত ধূলি দি একাংশ দুষ্ট চক্ৰই ফুল খেতিৰ পৰিবৰ্তে ঠিকাত লোৱা খেতিৰ ভূমিত কৰে নিচাজাতীয় আফিংৰ খেতি।

কলগাছিয়াৰ জয়পুৰ গাঁৱত দেখা গ’ল বিঘাই বিঘাই আফিংৰ খেতি। স্থানীয় ৰাইজে চিনিব নোৱাৰা আফিংৰ খেতি সমূহ চিনাক্ত কৰিলে আমছুৱে। আমছুৰ সদস্যই আফিং খেতি কৰাৰ তথ্য লাভ কৰি এই ক্ষেত্ৰত কলগাছিয়া আৰক্ষী কত ব্যস্ত আছে বুলি প্ৰশ্ন উত্থাপন কৰে। নিষিদ্ধ আফিং খেতিৰ লগত কলগাছিয়া আৰক্ষী জড়িত থকাৰ অভিযোগ তুলিছে আমছুৱে।

নিচাজাতীয়া সামগ্ৰীৰ ঘটিত পৰিণত হোৱা ৰাজ্যখনত একাংশ ব্যৱসায়ীয়ে আফিংৰ খেতি কৰাক লৈ সৰৱ হৈ পৰিছে আমছু। বৰপেটা জিলাৰ চৰ-চাপৰিৰ কৃষি ভূমি আফিংৰ খেতিৰ ভূমিত গঢ় লৈ উঠাত জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। আমছুৱে শীঘ্ৰে আফিং খেতি ধ্বংস কৰি ইয়াৰ লগত জড়িত থকা লোক সকলৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply