আমিনগাঁৱত মুকলি হ'ল ৰাজ্যৰ প্ৰথমটো সংহত উপায়ুক্ত কাৰ্যালয়

গুৱাহাটী: মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোমবাৰে কামৰূপ জিলাৰ আমিনগাঁৱত ৰাজ্যৰ প্ৰথমটো সংহত উপায়ুক্ত কাৰ্যালয়ৰ শুভ উদ্বোধন কৰে। ৰাজ্যৰ প্ৰথমটো সংহত উপায়ুক্ত কাৰ্যালয়টো ২ লাখ বৰ্গ ফুটৰ, পাঁচটা মহলীয়াকৈ নিৰ্মাণ কৰা হৈছে। এই সংহত উপায়ুক্ত কাৰ্যালয়টো ১৫ বিঘাতকৈ অধিক অঞ্চলজুৰি অৱস্থিত।

আনহাতে একেটা কাৰ্যালয় ভৱনতে আছে ১৩ টাকৈ বিভাগো। ইয়াৰ ভিতৰত স্বাস্থ্য, শিক্ষা, পঞ্চায়ত, কৃষি, পশুপালন, সমাজকল্যাণ আদি বিভাগ আছে। ৪০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰি উলিয়াইছে ৫ মহলীয়া ভৱনটো।

এই মুকলি অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱালৰ লগতে উপস্থিত আছে ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা আদি বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী ভৱেশ কলিতা, মুখ্য সচিব জিষ্ণু বৰুৱা, কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিককে ধৰি বহুকেইজন বিষয়া-কৰ্মচাৰী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply