গুৱাহাটী– ৰাজ্যৰ সৰ্ববৃহৎ, সৰ্বব্যাপি জনকল্যাণ আচঁনিৰ মঙলবাৰে শুভাৰম্ভ। আমিনগাঁৱত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰিলে অৰুণোদয় আচঁনিৰ শুভাৰম্ভ। এই আঁচনিৰ অধীনত হিতাধিকাৰী সকলে প্ৰতিমাহে লাভ কৰিব ৮৩০ টকা।

মঙলবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আমিনগাঁৱত ৰাজ্যৰ সৰ্ববৃহৎ, সৰ্বব্যাপি জনকল্যাণ আচঁনি অৰুণোদয় আচঁনিৰ আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে। এই আঁচনিৰ অধীনত ৰাজ্যৰ ২৯ খন জিলাৰ ১৯ লাখ হিতাধিকাৰীয়ে লাভ কৰিব অৰুণোদয় আচঁনিৰ ধন।

অৰুণোদয় আচঁনিৰ জৰিয়তে হিতাধিকাৰী সকলে প্ৰতিমাহে পোনপটীয়াকৈ লাভ কৰিব ৮৩০ টকা। প্ৰতি মাহে এই আঁচনিৰ জৰিয়তে হিতাধিকাৰী সকলৰ বাবে ২০০ কোটি খৰচ কৰা হ’ব। বছৰি ২৪০০ কোটি টকা খৰচ হ’ব অৰুণোদয় আচঁনিৰ বাবে। নবেম্বৰ আৰু ডিচেম্বৰ মাহত অৰুণোদয় আচঁনিৰ ধনৰ কিস্তী হিতাধিকাৰী সকলে চলিত ডিচেম্বৰ মাহতে লাভ কৰিব।

ৰাজ্যৰ বিধৱা, বিশেষ ভাৱে সক্ষম ব্যক্তি, দ্ৰৰিদ্ৰ পৰিয়ালৰ মহিলাই লাভ কৰিব অৰুণোদয় আচঁনিৰ ধন।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুভাৰম্ভ কৰা অৰুণোদয় আচঁনি শুভাৰম্ভ অনুষ্ঠানত ৰাজ্যৰ বিত্ত, স্বাস্থ্য আৰু শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, সাংসদ কুইন ওজা, মন্ত্ৰী সঞ্জয় কিষাণ, বিধায়ক প্ৰনৱ কলিতা, বিধায়ক সত্যব্ৰত কলিতা, বিধায়ক ৰেকিবুদ্দিন আহমেদ, বিধায়িকা সুমন হৰিপ্ৰিয়াও উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply