গুৱাহাটী – এইবাৰ অসমৰ অৰণ্য মানৱখ্যাত যাদৱ পায়েংক বিদ্যালয়ত অধ্যয়ণৰ বিষয় হিচাপে গ্ৰহণ কৰা হ’ল। যাদৱ পায়েঙৰ জীৱন বৃত্তান্ত আৰু প্রকৃতিৰ সৈতে গঢ়ি উঠা আত্মীয়তাৰ লগতে প্রকৃতি সংৰক্ষণৰ নিদর্শনক কেন্দ্র কৰি প্রস্তুত কৰা এটা পাঠ আমেৰিকা যুক্তৰাষ্ট্রৰ এখন বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে। আমেৰিকাৰ কনেটিকাটৰ এখন বিদ্যালয়ৰ ৬ষ্ঠ শ্রেণীৰ পাঠ্যক্রমত সন্নিৱিষ্ট কৰা হৈছে।
উল্লেখ্য যে যোৰহাটৰ জেইল ৰ’ড নিৱাসী প্রসেনজিৎ শর্মা আৰু বন্দনা শর্মাৰ জীয়াৰী নৱমী বি শর্মা আমেৰিকা যুক্তৰাষ্ট্রৰ কনেটিকাটৰ শিক্ষয়িত্রীৰূপে কর্মৰত৷ জানিব পৰা মতে, যোৱা সপ্তাহত উক্ত বিদ্যালয়খনত ‘অৰণ্যমানৱ’ যাদৱ পায়েঙক কেন্দ্র কৰি প্রস্তুত কৰা এখন তথ্যচিত্রও ছাত্র-ছাত্রীসকলক দেখুওৱা হয়৷